শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰা বাগৰুম্বা প্ৰদৰ্শনলৈ..দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ পঢ়ক

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমান বন্দৰত মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ নেতা-কৰ্মীয়ে উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰীক। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ...

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰা বাগৰুম্বা প্ৰদৰ্শনলৈ..দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ পঢ়ক
দিনটোৰ খবৰ
Trishna Kalita
Trishna Kalita | Published: 17 Jan 2026 21:51 PM

বিশ্বৰ বুকুত ইতিহাস ৰচিলে বড়োসকলৰ পৰম্পৰাগত বাগৰুম্বা নৃত্যই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰায় ১০ হাজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰিলে বাগৰুম্বা। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমান বন্দৰত মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ নেতা-কৰ্মীয়ে উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰীক। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

১. বিশ্বৰ বুকুত ইতিহাস ৰচিলে বড়োসকলৰ পৰম্পৰাগত বাগৰুম্বা নৃত্যই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰায় ১০ হাজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰিলে বাগৰুম্বা। খ্ৰাম আৰু চিফুংঙৰ সুললিত ধ্বনিত মুখৰিত হৈ পৰিল সৰুসজাই ষ্টেডিয়াম। এই অনুষ্ঠানত মুখ্য়মন্ত্ৰীৰ লগতে আন মন্ত্ৰী-বিধায়কসকলো উপস্থিত থাকে।

২. আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন। মালদহ ষ্টেচনত পতাকা জোকাৰি তেওঁ গুৱাহাটী অভিমুখী ৰেলখন উদ্বোধন কৰে। কামাখ্যাত হাওৰা অভিমুখী বন্দে ভাৰত শ্লীপাৰখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৩. দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমান বন্দৰত মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ নেতা-কৰ্মীয়ে উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰীক। তাৰ পৰা তেওঁ ৰাওনা হয় সৰুসজাইলৈ। য’ত ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰে বাগৰুম্বা নৃত্য। কালিলৈ কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

৪. পুনৰ অসমলৈ আহিব অমিত শ্বাহ। অহা ৩০ জানুৱাৰীত ডিব্ৰুগড়ত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। ডিব্ৰুগড়ত নিৰ্মাণ হ’বলগীয়া অসম বিধানসভাৰ দ্বিতীয়টো ভৱনৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে। যোৱা ডিচেম্বৰ মাহৰ শেষৰ ফালে বটদ্ৰৱা প্ৰকল্পৰ লগতে আন কেবাটাও প্ৰকল্প উদ্বোধনৰ বাবে অসমলৈ আহিছিল শ্বাহ।

৫. ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ ত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাইজৰ দলৰ নেতা অখিল গগৈ। কংগ্ৰেছে সংখ্যালঘু নেতাগৰাকীক ন্যায় প্ৰদানত ব্যৰ্থ হোৱা বুলি কয় গগৈয়ে। ৰেজাউলক এগৰাকী গুৰুত্বপূৰ্ণ সংখ্যালঘু নেতা বুলি উল্লেখ কৰি তেওঁ কয় যে দলৰ মজিয়াত তেওঁক যথোপযুক্ত স্থান তথা সন্মান দিয়া প্ৰয়োজন আছিল।

৬. ৰেজাউল কৰিমৰ মন্তব্য অসমৰ সম্প্ৰীতিৰ বাবে ভাবুকি সদৃশ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ ত্যাগৰ পাছতেই বিস্ফোৰক মন্তব্যৰে পুনৰ চৰ্চিত হৈছে ৰেজাউল কৰিম সৰকাৰ। নেতাগৰাকীৰ শেহতীয়া এক মন্তব্যক শিক্ষা জেহাদ আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে।

৭. আজি কামৰূপ সত্ৰ ন্য়ায়াধীশৰ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চতুৰ্থ শুনানি গ্ৰহণ কৰা হয়। পৰৱৰ্তী শুনানিৰ দিন ২২ জানুৱাৰী ধাৰ্য কৰিছে আদালতে। ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত আস্থা প্ৰকাশ কৰি গৰিমা গাৰ্গে দৃঢ়তাৰে কয় যে, জুবিন গাৰ্গে অৱশেষত ন্যায় লাভ কৰিব বুলি আশাবাদী। জুবিনে ন্যায় পোৱাক লৈ আত্মবিশ্বাস বঢ়া বুলিও উল্লেখ গৰিমাৰ।

৮. নলবাৰী হৰি মন্দিৰত আশিস লৈ নামনিত অভিযানত নামিল গৌৰৱ গগৈ। ইয়াৰ মাজতে জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী মোদীক দাবী জনায় কংগ্ৰেছ সাংসদগৰাকীয়ে। বৰ অসম গঢ়াৰ সংকল্পৰে নলবাৰীত উপস্থিত হোৱা বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

৯. দেশজুৰি চলিছে গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি। তাৰ মাজতে খালিস্তানী আৰু বাংলাদেশস্থিত সন্ত্ৰাসবাদী সংগঠনৰ পৰা আহিব পৰা সম্ভাৱ্য ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ লগতে দেশৰ কেইবাখনো চহৰত জাৰী কৰা হৈছে হাই এলাৰ্ট। খালিস্তানী আৰু বাংলাদেশী সন্ত্ৰাসবাদী গোটসমূহে ২৬ জানুৱাৰীৰ পূৰ্বে দিল্লীসহ দেশৰ গুৰুত্বপূৰ্ণ চহৰসমূহক লক্ষ্য কৰি ল’ব পাৰে বুলি সকীয়াই দিছে চোৰাংচোৱা সংস্থাসমূহে।