কোনে বলীউডত Politics কৰিছে? ক্ষোভ এ আৰ ৰহমানৰ!
যদিও কামৰ সুযোগ কমিছে, তথাপিও ইয়াৰ কোনো প্ৰভাৱ পৰা নাই ৰহমানৰ সৃষ্টিশীল মানসিকতা বা আত্মবিশ্বাসত। তেওঁ কাম আনক খুজিবলৈ ভাল নাপায়, বৰঞ্চ কামেহে তেওঁক বিচাৰে।
অস্কাৰ বিজয়ী সুৰকাৰ এ আৰ ৰহমানে উদঙালে বলীউডৰ আচৰিত ঘটনা! ভাৰতৰ অন্যতম সংগীত পৰিচালক হোৱাৰ পিছতো তেওঁ স্বীকাৰ কৰিছে যে বিগত আঠ বছৰত বলীউডত তেওঁৰ কৰ্মৰ সুযোগ যথেষ্ট হ্ৰাস পাইছে। ৰহমানৰ মতে বলীউডৰ আভ্যন্তৰীণ শক্তি সমীকৰণ বা ‘পাৱাৰ গেম’ৰ বাবেই আগৰ দৰে কাম কৰাৰ সুযোগ পোৱা নাই।
বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰহমানে কয়, হিন্দী চিনেমাৰ সৈতে তেওঁৰ সম্পৰ্কৰ সমীকৰণ সলনি হৈছে। কিন্তু তেওঁ কেতিয়াও কামৰ পৰা পলাই যোৱা নাই। তেওঁৰ বিশ্বাস যে আন্তৰিকতা থাকিলে কাম নিজেই আহিব।
ৰহমানে কয়, “যোৱা আঠ বছৰত বলীউডত ক্ষমতাৰ হস্তান্তৰ হৈছে। ক্ষমতা এতিয়া সৃষ্টিশীল নহয় মানুহৰ হাতত। ইয়াৰ আঁৰত হয়তো কিবা এটা গোট বা সাম্প্ৰদায়িক ৰাজনীতি থাকিব পাৰে, যদিও সেয়া মোৰ সন্মুখলৈ পোনপটীয়াকৈ অহা নাই। মানুহৰ পৰা বহু কথা শুনিবলৈ পাওঁ।”
যদিও কামৰ সুযোগ কমিছে, তথাপিও ইয়াৰ কোনো প্ৰভাৱ পৰা নাই ৰহমানৰ সৃষ্টিশীল মানসিকতা বা আত্মবিশ্বাসত। তেওঁ কাম আনক খুজিবলৈ ভাল নাপায়, বৰঞ্চ কামেহে তেওঁক বিচাৰে।
ৰহমানে লগতে কয়, “হয়তো মোক এখন ছবিত লোৱ হ’ল, কিন্তু দেখা গ’ল যে মিউজিক কোম্পানীয়ে তলে তলে আৰু পাঁচজন সুৰকাৰক নিযুক্তি দিছে। মই কও, ‘ভালেই, মোৰ পৰিয়ালৰ বাবে তেতিয়া অধিক সময় পাম। মই কাম বিচৰা নাই আৰু কাম বিচাৰি ক’লৈকো যাব নিবিচাৰো। মোৰ সততাই মোক কাম আনি দিব। মই যি কামৰ বাবে যোগ্য সেয়া পাম।”
