বাগৰুম্বাক বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়াৰ বাবে প্ৰধানমন্ত্ৰীলৈ কৃতজ্ঞতা হাগ্ৰামা মহিলাৰীৰ
গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত বিশাল বড়ো সাংস্কৃতিক কাৰ্যসূচী বাগৰুম্বা দ’হৌ ২০২৬ত উপস্থিত থাকে প্ৰধানমন্ত্ৰীগৰাকী । এই অনুষ্ঠানত ৰাজ্যৰ ২৩খন জিলাৰ ৮১টা সমষ্টিৰ পৰা অহা ১০ হাজাৰৰো অধিক শিল্পীয়ে একলগে পৰম্পৰাগত বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰে।
দুদিনীয়া কাৰ্যসূচীৰে আজি অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকী ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যৰ এক মহাক্ষণৰ সাক্ষী হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ আৰু অৰ্থনৈতিক বিকাশৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ শুভাৰম্ভ কৰিব।
গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত বিশাল বড়ো সাংস্কৃতিক কাৰ্যসূচী বাগৰুম্বা দ’হৌ ২০২৬ত উপস্থিত থাকে প্ৰধানমন্ত্ৰীগৰাকী । এই অনুষ্ঠানত ৰাজ্যৰ ২৩খন জিলাৰ ৮১টা সমষ্টিৰ পৰা অহা ১০ হাজাৰৰো অধিক শিল্পীয়ে একলগে পৰম্পৰাগত বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত উপস্থিত থকা বাবে লগতে বাগুৰুম্বাক বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জনাই হাগ্ৰামা মহিলাৰীয়ে।
