TV9 ASSAM
বৰ্তমান সময়ত হৃদৰোগৰ সমস্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। সেয়েহে শৰীৰত দেখা দিয়া লক্ষণসমূহৰ প্ৰতি সজাগ হোৱাটো জৰুৰী।
বুকুৰ বিষ হৃদৰোগৰ আটাইতকৈ সাধাৰণ লক্ষণ। হৃদযন্ত্ৰই পৰ্যাপ্ত অক্সিজেন নাপালে এনে বিষ অনুভৱ হ’ব পাৰে। ইয়াক অৱজ্ঞা নকৰিব।
মূৰ ঘূৰোৱা বা চকুৰে ধোঁৱা-কোঁৱা দেখাটো হৃদযন্ত্ৰৰ অৱস্থা সুস্থিৰ নোহোৱাৰ ইংগিত হ’ব পাৰে। এনে হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
পৰ্যাপ্ত জিৰণিৰ পিছতো যদি আপুনি দৈনন্দিন কাম-কাজ কৰিবলৈ দুৰ্বলতা অনুভৱ কৰে, তেন্তে ই হৃদযন্ত্ৰৰ কোনো গুৰুতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে।
শোৱাৰ সময়ত বা কাম কৰি থকাৰ সময়ত যদি উশাহ চুটি হৈ আহে, তেন্তে বুজিব লাগে যে হৃদযন্ত্ৰই সঠিকভাৱে তেজ সঞ্চালন কৰিব পৰা নাই।
হঠাতে হৃদস্পন্দন অতিমাত্ৰা বৃদ্ধি পোৱাটো হৃদৰোগৰ পূৰ্ব লক্ষণ হ’ব পাৰে। বিশেষকৈ কোনো কাৰণ নোহোৱাকৈ বুকুখনে ধপধপাই থাকিলে সাৱধান হওক।
পঢ়িবলৈ ক্লিক কৰক
হাত-ভৰিৰ আঙুলিৰ বিষৰ কাৰণ এনে সমস্যা!