শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শিল্পী দিৱসৰ দিনা জুবিন গাৰ্গক 'ভাৰতৰত্ন' প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীক দাবী গৌৰৱ গগৈৰ

শিল্পী দিৱসৰ দিনা জুবিন গাৰ্গক ‘ভাৰতৰত্ন’ প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীক দাবী গৌৰৱ গগৈৰ

Monjit Dutta
Monjit Dutta | Published: 17 Jan 2026 21:03 PM

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ ভ্ৰমণত জুবিন গাৰ্গৰ নাম লোৱা নাছিল বা 'জুবিনক্ষেত্ৰ'লৈ যোৱা নাছিল বুলি গগৈয়ে ক্ষোভ প্ৰকাশ কৰে। এইবাৰ অন্ততঃ প্ৰধানমন্ত্ৰীয়ে জুবিনক্ষেত্ৰ দৰ্শন কৰি শিল্পীগৰাকীক প্ৰকৃত সন্মান জনাব বুলি তেওঁ আশা প্ৰকাশ কৰিছে।

সাংসদ গৌৰৱ গগৈয়ে আজি শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰতৰত্ন’ প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনায়। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ ভ্ৰমণত জুবিন গাৰ্গৰ নাম লোৱা নাছিল বা ‘জুবিনক্ষেত্ৰ’লৈ যোৱা নাছিল বুলি গগৈয়ে ক্ষোভ প্ৰকাশ কৰে। এইবাৰ অন্ততঃ প্ৰধানমন্ত্ৰীয়ে জুবিনক্ষেত্ৰ দৰ্শন কৰি শিল্পীগৰাকীক প্ৰকৃত সন্মান জনাব বুলি তেওঁ আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ভ্ৰমণৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰীয়ে সৰুসজাইত বিশাল বাগৰুম্বা নৃত্য প্ৰত্যক্ষ কৰিব আৰু কাইলৈ কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰিব। এই ভ্ৰমণতে শিল্পী জুবিন গাৰ্গক ভাৰতৰত্ন সন্মান প্ৰদানৰ ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ। কি ক’লে গৌৰৱ গগৈয়ে, চাওক ভিডিঅ’…