শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

‘গাফিলতি’ৰ চৰম শাস্তি ইণ্ডিগোক; ২২.২ কোটি টকাৰ জৰিমনা বিহিলে DGCA-ই, দিলে এনে সকীয়নি

বিগত ২০২৫ চনৰ ডিচেম্বৰ মাহত ইণ্ডিগোৰ মুঠ ২,৫০৭ খন বিমানৰ উৰণ বাতিল হৈছিল আৰু ১,৮৫২ খন বিমানৰ যাত্ৰা বিলম্বিত হৈছিল। ইয়াৰ ফলত দেশৰ বিভিন্ন বিমান বন্দৰত প্ৰায় ৩ লাখৰো অধিক যাত্ৰী আৱদ্ধ হৈ পৰিছিল। এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি DGCAই ইণ্ডিগোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

‘গাফিলতি’ৰ চৰম শাস্তি ইণ্ডিগোক; ২২.২ কোটি টকাৰ জৰিমনা বিহিলে DGCA-ই, দিলে এনে সকীয়নি
IndiGoক শাস্তি বিহিলে DGCA-ইImage Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Published: 18 Jan 2026 06:34 AM

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত দেশৰ আগশাৰীৰ বিমান সংস্থা ইণ্ডিগো (IndiGo) এক বৃহৎ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল। বিমান সংস্থাটোৰ হাজাৰ হাজাৰ বিমানৰ যাত্ৰা বাতিল আৰু বিলম্ব হোৱাৰ ফলত যাত্ৰীসকলে চৰম দুৰ্ভোগ ভুগিছিল। এনে ঘটনাৰ ফলত বিমানবন্দৰতে আৱদ্ধ হৈ পৰিছিল অলেখ দেশী-বিদেশী যাত্ৰী। এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (DGCA) শেহতীয়াকৈ নিজৰ প্ৰতিবেদন দাখিল কৰিছে আৰু ইণ্ডিগোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

DGCA-ৰ তদন্তত ধৰা পৰা ক্ৰটিসমূহ

তদন্তকাৰী কমিটীৰ প্ৰতিবেদন অনুসৰি, ইণ্ডিগোৰ পৰিচালনা ব্যৱস্থাত কেইবাটাও গুৰুতৰ গাফিলতি ধৰা পৰিছে। ইয়াৰ ভিতৰত মুখ্য কাৰণবোৰ হ’ল— প্ৰয়োজনতকৈ অধিক কামৰ বোজা, বিমান আৰু ক্ৰু সদস্যসকলৰ বাবে পৰ্যাপ্ত বেকআপ নথকা আৰু নতুন এফডিটিএল (FDTL) নিয়মাৱলী সঠিকভাৱে পালন নকৰা।

ইয়াৰ উপৰিও ছফ্টৱেৰ আৰু মেনেজমেণ্টৰ ত্ৰুটিৰ বাবেও এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। তদন্তত পোহৰলৈ আহিছে যে বিমানৰ কৰ্মচাৰীসকলক জিৰণিৰ বাবে অতি কম সময় দি তেওঁলোকৰ ওপৰত কামৰ অত্যাধিক চাপ জাপি দিয়া হৈছিল।

কঠোৰ জৰিমনা আৰু শাস্তি

এই গুৰুতৰ গাফিলতিৰ বাবে DGCA- এ ইণ্ডিগোৰ ওপৰত ২২.২ কোটি টকাৰ বিশাল জৰিমনা বিহিছে। কেৱল জৰিমনাই নহয়, বিমান সংস্থাটোৰ উচ্চপদস্থ বিষয়াসকলৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইণ্ডিগোৰ চিইঅ’ (CEO) আৰু চিঅ’অ’ (COO) বা একাউণ্টেবল মেনেজাৰক কঠোৰ সকীয়নী প্ৰদান কৰা হৈছে।

এছভিপি (SVP-OCC)-ক তেওঁৰ অপাৰেচনেল দায়িত্বৰ পৰা আঁতৰাই দিবলৈ নিৰ্দেশ দিয়া হৈছে। লগতে ক্ৰু প্লানিং আৰু অপাৰেচনৰ সৈতে জড়িত অন্যান্য বিষয়াসকলকো সাৱধান কৰি দিয়া হৈছে।

কি আছিল ঘটনা

বিগত ২০২৫ চনৰ ডিচেম্বৰ মাহত ইণ্ডিগোৰ মুঠ ২,৫০৭ খন বিমানৰ উৰণ বাতিল হৈছিল আৰু ১,৮৫২ খন বিমানৰ যাত্ৰা বিলম্বিত হৈছিল। ইয়াৰ ফলত দেশৰ বিভিন্ন বিমান বন্দৰত প্ৰায় ৩ লাখৰো অধিক যাত্ৰী আৱদ্ধ হৈ পৰিছিল। এই পৰিস্থিতিৰ বুজ ল’বলৈ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশত এখন চাৰি জনীয়া বিশেষজ্ঞ কমিটি গঠন কৰা হৈছিল।

কমিটীয়ে জনোৱা মতে, ইণ্ডিগো কৰ্তৃপক্ষই সম্পদৰ অত্যাধিক ব্যৱহাৰ কৰিবলৈ গৈ নিৰাপত্তাৰ বাবে থাকিবলগীয়া ‘বাফাৰ মাৰ্জিন’ সম্পূৰ্ণৰূপে হ্ৰাস কৰিছিল। এই ত্ৰুটিবোৰৰ বাবেই যাত্ৰীসকল এনে চৰম অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ল।