শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী; সাক্ষী হ’ব সাংস্কৃতিক মহাক্ষণৰ, ৰাজ্যবাসীয়ে পাব উন্নয়নৰ উপহাৰ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ বাবে ৰাজ্যত সৰ্বতোপ্ৰকাৰৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। আজি অসমত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকী কি কি কাৰ্যসূচীত অংশ ল’ব চাওক।

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী; সাক্ষী হ’ব সাংস্কৃতিক মহাক্ষণৰ, ৰাজ্যবাসীয়ে পাব উন্নয়নৰ উপহাৰ
আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী
Monjit Dutta
Monjit Dutta | Updated On: 17 Jan 2026 12:17 PM

দুদিনীয়া কাৰ্যসূচীৰে আজি অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকী ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যৰ এক মহাক্ষণৰ সাক্ষী হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ আৰু অৰ্থনৈতিক বিকাশৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ বাবে ৰাজ্যত সৰ্বতোপ্ৰকাৰৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। আজি অসমত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকী কি কি কাৰ্যসূচীত অংশ ল’ব চাওক।

সৰুসজাইত সাংস্কৃতিক মহোৎসৱ

আজি বিয়লি প্ৰায় ৬ বজাত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত বিশাল বড়ো সাংস্কৃতিক কাৰ্যসূচী বাগৰুম্বা দ’হৌ ২০২৬ত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব। এই অনুষ্ঠানত ৰাজ্যৰ ২৩খন জিলাৰ ৮১টা সমষ্টিৰ পৰা অহা ১০ হাজাৰৰো অধিক শিল্পীয়ে একলগে পৰম্পৰাগত বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰি এক ঐতিহাসিক ক্ষণৰ সৃষ্টি কৰিব।

কাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমি পূজন

১৮ জানুৱাৰী, অৰ্থাৎ কাইলৈ পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰিব। প্ৰায় ৬,৯৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া সুদীৰ্ঘ ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পত থাকিব ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন এলিভেটেড ফ্লাইঅভাৰ।

এই প্ৰকল্পই কাজিৰঙাৰ বন্যপ্ৰাণীক পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰি সুৰক্ষিত যাতায়তৰ পথ প্ৰশস্ত কৰিব। ইয়াৰ ফলত উজনি অসমৰ লগত সংযোগ অধিক দ্ৰুত আৰু সহজ হৈ পৰিব। পৰিৱেশ বহনক্ষমতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ডিজাইন কৰা হৈছে এই অভিলাসী প্ৰকল্প।

নতুন অমৃত ভাৰত এক্সপ্ৰেছৰ উপহাৰ

প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল সংযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ উদ্বোধন কৰিব। সেইকেইখন হ’ল— গুৱাহাটী (কামাখ্যা)–ৰোহটক এক্সপ্ৰেছ আৰু ডিব্ৰুগড়–লক্ষ্ণৌ (গোমতী নগৰ) এক্সপ্ৰেছ। এই ৰে’ল সেৱাই অসমৰ যাত্ৰীসকলক উত্তৰ ভাৰতলৈ দ্ৰুত আৰু আৰামদায়ক যাত্ৰাৰ সুবিধা প্ৰদান কৰিব।