শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি শিল্পী দিৱস, ৰাজ্যজুৰি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰক স্মৰণ

কুৰি শতিকাৰ এজন অন্যতম শ্ৰেষ্ঠ অসমীয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা (Jyoti Prasad Agarwala) আছিল ৰূপান্তৰৰ শিল্পী। জনতাৰ প্ৰাণত স্থান দখল কৰিবলৈ সক্ষম হৈছিল কৰ্মৰাজিৰে। প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয়।

আজি শিল্পী দিৱস, ৰাজ্যজুৰি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰক স্মৰণ
Barasha Misra
Barasha Misra | Updated On: 17 Jan 2026 11:03 AM

আজি শিল্পী দিৱস। ৰাজ্যজুৰি ভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান আয়োজন কৰি সকলোৱে তেওঁক স্মৰণ কৰিছে। এই দিনটোতে মহান শিল্পীগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটিছিল। ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সুঁৱৰি এই দিৱস উদ্‌যাপন কৰা হৈছিল। প্ৰথম অৱস্থাত এই দিনটো ‘জ্যোতি দিৱস’ হিচাপে এই দিনটো পালন কৰা হৈছিল।

কুৰি শতিকাৰ এজন অন্যতম শ্ৰেষ্ঠ অসমীয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা (Jyoti Prasad Agarwala) আছিল ৰূপান্তৰৰ শিল্পী। জনতাৰ প্ৰাণত স্থান দখল কৰিবলৈ সক্ষম হৈছিল কৰ্মৰাজিৰে। প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয়।

তেওঁ অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলো দিশতে তেওঁ বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক “ৰূপকোঁৱৰ” বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৪ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। ১৯৩৫ চনত ‘জয়মতী’ ৰ মুক্তি লাভ। তেওঁৰ মৃত্যু তিথি ১৭ জানুৱাৰীক “শিল্পী দিৱস”ৰূপে পালন কৰা হয়। জ্যোতিপ্ৰসাদৰ দৰ্শনক ‘ৰূপান্তৰৰ দৰ্শন’হিচাপে আখ্যা দিব পাৰি৷ তেখেতে কৈছিল-‘ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ’।

জীৱন পৰিক্ৰমা

১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা তেওঁৰ বৰদেউতাক আছিল। তেখেতৰ পূৰ্বপুৰুষ নৱৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল। তেখেতৰ পৰিয়ালৰে সদস্য হৰিবিলাস আগৰৱালাই কীৰ্তন পুথি সৰ্বপ্ৰথমে ছপা কৰি প্ৰকাশ কৰিছিল৷

চিত্ৰৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰ পৰা তেওঁ ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলিকতাৰ নেশ্যনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে। তাৰপাছত ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে। ঘূৰি অহাৰ পথত জাৰ্মানীত তেখেতে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়।

১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ। তেওঁৰ মৃত্যুত হোমেন বৰগোহাঞিয়ে ‘অসম বাণী’ কাকতত তেওঁক অসমৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহজন অসমীয়াৰ এজন বুলি ঘোষণা কৰিছিল।

শিল্পী দিৱস প্ৰথম পালন

১৯৫৩ চনত প্ৰথম বাৰৰ বাবে আয়োজিত এই দিৱস গুৱাহাটী আৰু বৰপেটাত পালন কৰা হৈছিল। সেই সময়ত এই শিল্পীজনাৰ স্মৃতি জীয়াই ৰাখিবৰ হকে এই প্ৰচেষ্টাৰ বাবে আগভাগ লৈছিল ড° ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে। ভাৰতীয় গণ নাট্য সংঘৰ উদ্যোগত গুৱাহাটীৰ নবীন চন্দ্ৰ হলত এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল। প্ৰথম বছৰৰ সেই অনুষ্ঠানত গুৱাহাটীত ৪০ জনমান লোক উপস্থিত আছিল। সেইসকলৰ ভিতৰত অন্যতম আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা জয়শ্ৰী আগৰৱালা (চলিহা), ড° মহেশ্বৰ নেওগ, অধ্যাপক ভৱানন্দ দত্ত ইত্যাদি। একেদিনাই বৰপেটাত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল শিল্পী দিলীপ দত্তই।