শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুৱা উঠি এনে সামগ্ৰী দেখা মানেই জীৱনৰ সংকট! বাস্তুৰ এনে নিয়ম নামানিলেই পৰিব বিপদত

বাস্তু শাস্ত্ৰ অনুসৰি পুৱা সাৰ পোৱাৰ পিছত আমি প্ৰথম কি দেখোঁ, তাৰ ওপৰত আমাৰ গোটেই দিনটোৰ শক্তি, মানসিক শান্তি আৰু কৰ্মৰ সফলতা নিৰ্ভৰ কৰে। বাস্তুশাস্ত্ৰত এনে কিছুমান বস্তুৰ কথা উল্লেখ কৰা হৈছে, যিবোৰ পুৱা শুই উঠিয়েই দেখাটো অশুভ বুলি গণ্য কৰা হয়।

পুৱা উঠি এনে সামগ্ৰী দেখা মানেই জীৱনৰ সংকট! বাস্তুৰ এনে নিয়ম নামানিলেই পৰিব বিপদত
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Updated On: 17 Jan 2026 13:51 PM

মানুহৰ দৈনন্দিন জীৱনত বাস্তু শাস্ত্ৰই প্ৰাচীন কালৰ পৰাই গভীৰ প্ৰভাৱ পেলাই আহিছে। এই বাস্তু শাস্ত্ৰই কিদৰে কিছু বিশেষ দিশে ব্যক্তিৰ জীৱনলৈ প্ৰগতি কঢ়িয়াই আনে তথা আন কিছু দিশে আকৌ সংকট নমাই আনে, তাৰ বাখ্যা আগবঢ়ায়। বাস্তু শাস্ত্ৰ অনুসৰি পুৱা সাৰ পোৱাৰ পিছত আমি প্ৰথম কি দেখোঁ, তাৰ ওপৰত আমাৰ গোটেই দিনটোৰ শক্তি, মানসিক শান্তি আৰু কৰ্মৰ সফলতা নিৰ্ভৰ কৰে। বাস্তুশাস্ত্ৰত এনে কিছুমান বস্তুৰ কথা উল্লেখ কৰা হৈছে, যিবোৰ পুৱা শুই উঠিয়েই দেখাটো অশুভ বুলি গণ্য কৰা হয়।

নিজৰ ছাঁ

পুৱা বিচনাৰ পৰা উঠিয়েই নিজৰ ছাঁ কেতিয়াও চাব নালাগে। বাস্তু অনুসৰি, ছাঁ চাই দিনটো আৰম্ভ কৰিলে জীৱনত নেতিবাচক শক্তি বৃদ্ধি পায় আৰু মানসিক অশান্তি হ’ব পাৰে।

ভঙা আইনা

পুৱা সাৰ পাই উঠি ভঙা আইনাত মুখ চোৱাটো অত্যন্ত অশুভ। ইয়াৰ ফলত আপোনাৰ হ’বলগীয়া কামবোৰত বাধা আহিব পাৰে আৰু দুৰ্ভাগ্য কঢ়িয়াই আনে।

অপৰিষ্কাৰ বাচন-বৰ্তন

ৰাতিপুৱা পাকঘৰলৈ গৈয়েই অপৰিষ্কাৰ বা জুঠা বাচন দেখাটো শুভ নহয়। এনে কৰিলে ঘৰত দৰিদ্ৰতা আৰু অশান্তিয়ে বাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে ৰাতিয়েই বাচনবোৰ ধুই পৰিষ্কাৰ কৰি ৰখা উচিত।

বন্ধ হৈ থকা ঘড়ী

বাস্তুশাস্ত্ৰত ঘড়ীৰ বিশেষ গুৰুত্ব আছে। ঘৰত বন্ধ ঘড়ী ৰখা বা পুৱা উঠিয়েই বন্ধ ঘড়ী দেখাটোৱে জীৱনৰ উন্নতি স্তব্ধ কৰি দিব পাৰে আৰু বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ভঙা মূৰ্তি

পুৱাই দেৱ-দেৱীৰ ভঙা মূৰ্তি দৰ্শন কৰা আৰু স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব লাগে। এনে মূৰ্তিয়ে ঘৰত নেতিবাচক প্ৰভাৱ পেলায়। এনে মূৰ্তি পবিত্ৰ নদীত বিসৰ্জন দিয়াটোৱে নিয়ম।