শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ আজিৰ দিনটো…

শীঘ্ৰেই ভাৰতলৈ আহিব পাৰে পুটিন। ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুয়েও ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত ইচ্ছা প্ৰকাশ কৰিছে। আমেৰিকাৰ সৈতে চলি থকা উত্তেজনাৰ মাজতে এই ভ্ৰমণ গুৰুত্বপূৰ্ণ।

গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ আজিৰ দিনটো…
পুৱাৰ খবৰ
barasha-sarma
Barasha Sarma | Published: 08 Aug 2025 07:17 AM

আজি ৮ আগষ্ট, শুকুৰবাৰ। প্ৰতিদিনেই ৰাজ্যৰ পৰা বিশ্বৰ চুকে কোনে বিভিন্ন ঘটনা-পৰিঘটনা সংঘটিত হয়। কিন্তু প্ৰতিটো ঘটনাৰ বিষয়ে খবৰ ৰখা সহজ নহয়। যাৰ বাবে আমি আপোনাৰ বাবে লৈ আহিছো পুৱাৰ খবৰ। এই লেখাটোত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল, যিয়ে আপোনাক কিছু ধাৰণা প্ৰদান কৰিব-

  1. ৭ আগষ্টত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। গ্ৰন্থবৰ্ষ ২০২৫ হিচাপে ১,০০০ গৰাকী যুৱক লেখক-লেখিকাক ২৫,০০০ টকাকৈ আৰ্থিক অনুদান। ৰাজ্যিক কৰ্মচাৰীক গ্ৰন্থ ক্ৰয়ৰ বাবে এককালীনভাৱে ১০০০ টকা প্ৰদান।
  2. অসম বন সুৰক্ষা বাহিনী আৰু বন্যপ্ৰাণী শাখাৰ ফ্ৰন্টলাইন কৰ্মচাৰীৰ বাবে মাহেকীয়া ৰেচন ভাট্টা প্ৰতিমাহে ২০০০ৰ পৰা ২,৫০০ টকালৈ বৃদ্ধি অসম কেবিনেটৰ।
  3. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিশেষ সন্মান ফেশ্বন ডিজাইনাৰ সংযুক্ত দত্তৰ। বৃহস্পতিহাৰে হস্ততাঁত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিচ্ছবি হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰত।
  4. লোকসভা নিৰ্বাচনত ভোট ৰিগিঙৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে বেংগালুৰুৰ ফ্ৰিডম পাৰ্কত প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ‘ভোট অধিকাৰ ৰেলী’ শীৰ্ষক এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ছিদ্দাৰমায়া, ডিচিএম ডিকে শিৱকুমাৰকে ধৰি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰিব।
  5. কানাডাৰ ছাৰেত অৱস্থিত কপিল শৰ্মাৰ কাপছ কেফেত পুনৰ গুলীচালনাৰ ঘটনা। এমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে এই ঘটনা সংঘটিত হয়। এই ঘটনাত কোনো হতাহতি হোৱা নাই। যোৱাবাৰৰ দৰে এইবাৰো কেফেখনত গুলীচালনাৰ দায়িত্ব লয় লৰেন্স বিষ্ণোই এলায়েন্স অৰ্থাৎ গোল্ডি ধিলন, অংকিত বন্ধু শ্বেৰেৱালা, জিতেন্দ্ৰ গগী মান গ্ৰুপ, কলা ৰানা, আৰ্জু বিষ্ণয়, হৰি বক্সাৰ, শুভম লংকৰ আৰু সাহিল দুহান পেটৱাদে।
  6. ভাৰতলৈ আহিব পাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। NSA অজিত ডোভালে সদৰি কৰে এই কথা। অৱশ্যে ইয়াৰ বাবে এতিয়ালৈকে কোনো তাৰিখ নিৰ্ধাৰণ হোৱা নাই। ভাৰত-আমেৰিকাৰ উত্তেজনাৰ মাজতে আহিছে এই খবৰ।
  7. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোন ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাৰ। এই সময়চোৱাত দুইগৰাকী নেতাই বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা কৰে। সামাজিক মাধ্যমযোগে মোদীয়ে এই কথা সদৰি কৰে।
  8. ভাৰতলৈ আহিব পাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী। ভাৰতৰ সৈতে ইজৰাইলৰ গভীৰ সম্পৰ্কৰ কথা উল্লেখ কৰি বেঞ্জামিন নেতান্যেহুয়ে কয় যে, মই ভাৰতৰ ভ্ৰমণ ওপৰত চিন্তা চৰ্চা কৰি আছো। ভাৰত-আমেৰিকাৰ শুল্ক যুদ্ধৰ ওপৰত তেওঁ কয় যে, দুয়োখন দেশ অতি ভাল বন্ধু। গতিকে আলোচনাৰে এই সমস্যাৰ সমাধান ওলাব।

 

অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ ভাবুকিক বুঢ়া আঙুলি! শীঘ্ৰেই ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন…