শৰীৰৰ কোন কোন অংগক প্ৰভাৱিত কৰে TB য়ে? জানক ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ…
টিবি এক গুৰুতৰ ৰোগ। সময়মতে ইয়াৰ চিকিৎসা গ্ৰহণ নকৰিলে গুৰুতৰ ৰূপ ল'ব পাৰে। গতিকে প্ৰাৰম্ভিক অৱস্থাতে ইয়াৰ লক্ষণসমূহৰ বিষয়ে জনা দৰকাৰ।

টিবি বা যক্ষ্মা এক গুৰুতৰ ৰোগ। ই Mycobacterium tuberculosis নামৰ এটা বেক্টেৰিয়াৰ দ্বাৰা হয়। TB প্ৰধানকৈ হাওঁফাওঁত আক্ৰান্ত হয় যদিও শৰীৰৰ আন আন অংশলৈও বিয়পি যায়। টিবিত আক্ৰান্ত ব্যক্তিৰ কাহ বা হাঁচি আদিৰ সংস্পৰ্শলৈ আহিলে সহজে এই ৰোগ বিয়পিব পাৰে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। যদি সময়মতে চিকিৎসা গ্ৰহণ কৰা নহয় তেন্তে ই মাৰাত্মক হ’ব পাৰে।
যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, পুষ্টিহীনতা,এইচ আই ভি সংক্ৰমণ বা ভিৰ থকা স্থানত বাস কৰে তেনে লোকৰ এই ৰোগ বেছিকৈ হোৱাৰ আশংকা থাকে। এই ৰোগৰ চিকিৎসা কৰিব পৰা যায় যদিও সময়মতে চিনাক্তকৰণৰ প্ৰয়োজন।
সাধাৰণতে টিবি হাওঁফাওঁৰ ৰোগ বুলি ধৰা হয়। কিন্তু ই শৰীৰৰ আন অংশলৈ বিয়পিব পাৰে। ইয়াক এক্সট্ৰা পালমোনাৰী টিবি বোলা হয়। টিবিয়ে হাড়, গাঁঠি, মগজুৰ আৱৰণ, বৃক্ক, অন্ত্ৰ, লিম্ফ ন’ড, মেৰুদণ্ড আনকি ছালকো প্ৰভাৱিত কৰিব পাৰে। যদি শৰীৰৰ অন্য অংশত টিবি বিয়পে তেন্তে হাড় দুৰ্বল, খোজ কঢ়াত সমস্যা, মগজুত ফুলা, বৃক্ক বিকল, পাচনতন্ত্ৰৰ সমস্যা আদি হ’ব পাৰে। অংগৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ লক্ষণ বেলেগ বেলেগ হয়।
লক্ষণ
আৰ এম এল হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ পুলিন কুমাৰে কয় যে, শৰীৰৰ কোন অংশ টিবিৰ দ্বাৰা আক্ৰান্ত হৈছে তাৰ ওপৰত ইয়াৰ লক্ষণ নিৰ্ভৰ কৰে।
হাওঁফাওঁৰ টিবিৰ লক্ষণসমূহ হ’ল-
- দুসপ্তাহতকৈ অধিক সময় ধৰি থকা কাহ,
- কাহত শ্লেষ্মা আৰু তেজ অহা,
- জ্বৰ,
- ৰাতি ঘাম ওলোৱা,
- ওজন কমি যোৱা
- ভোক কমি যোৱা আদি।
অৱশ্যে অংগ অনুসৰি টিবিৰ লক্ষণ বেলেগ হ’ব পাৰে।
- হাড়ৰ টিবিত গাঁঠিৰ বিষ আৰু ফুলিব পাৰে.
- মেৰুদণ্ডৰ টিবিত কঁকালৰ বিষ হ’ব পাৰে,
- মগজুৰ টিবিত মূৰৰ বিষ, বমি, ডিঙি জঠৰ হোৱা আৰু বিভ্ৰান্তিৰ দৰে সমস্যা হ’ব পাৰে।
লিম্ফ ন’ডৰ টিবিত ডিঙিত গাঁঠি গঠন হ’ব পাৰে।
প্ৰথম অৱস্থাত এই লক্ষণসমূহ সাধাৰণ বুলি ভাবি আওকান কৰা হয়। কিন্তু দীৰ্ঘদিন ধৰি যদি এই লক্ষণ দেখা দিয়ে তেন্তে স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ।
পৰিত্ৰাণৰ উপায়
- টিবিত সংক্ৰমিত ব্যক্তিৰ পৰা আঁতৰি থাকক।
- কাহ বা হাঁচি মৰাৰ সময়ত মুখ ঢাকি লওক।
- নৱজাতকক BCG টীকা দিয়ক।
- ভাল খাদ্য গ্ৰহণ কৰক।
- ভিৰৰ মাজত বেছি সময়ত নাথাকিব।
- টিবিত আক্ৰান্ত ৰোগীৰ বাচন-বৰ্তন আদি বেলেগকৈ ৰাখিব।
- লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
অন্য খবৰ পঢ়কঃ মহিলাৰ দেহত HIV ৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক…