বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পৰা ট্ৰাম্পৰ ভাবুকি, মোদীৰ চীন ভ্ৰমণলৈ…দিনটোৰ খবৰসমূহ…
আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বলৈ বিভিন্ন ঘটনা-পৰিঘটনা সংঘটিত হয়। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা ২.০ আঁচনিৰ শুভাৰম্ভ কৰে। আনহাতে চীন ভ্ৰমণৰ বাবে সাজু হৈছে মোদী।

আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ কেইটামান তলত উল্লেখ কৰা হ’ল-
১. ট্ৰাম্পৰ ধাৰাবাহিক শুল্ক ভাবুকিৰ পাছত এইবাৰ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চলিত মাহৰ শেষৰ ফালে চীন ভ্ৰমণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। সাংহাইত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া সাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনলৈ যাব মোদী। আমেৰিকাৰ সৈতে সম্পৰ্ক উত্তপ্ত হৈ থকাৰ মাজতে মোদীৰ এই সিদ্ধান্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
২. ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ শুল্ক ভাবুকিৰ বিৰোধিতা কৰিছিল ৰাছিয়াই। এতিয়া ভাৰতৰ সপক্ষে আগবাঢ়ি আহিছে ব্ৰাজিল। ভাৰতৰ সন্মুখত ঢাল হিচাপে থিয় দিছে এই দেশখন। ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে ট্ৰাম্পৰ সৈতে নহয়, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিব বুলি মন্তব্য কৰিছে। ট্ৰাম্পৰ শুল্ক নীতিক লৈ অতিশয় ক্ষুব্ধ হৈ পৰিছে ব্ৰাজিল।
৩. অসমত বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে মুকলি কৰা হ’ল প’ৰ্টেল। সীমামূৰীয়া অঞ্চলত বাস কৰা খিলঞ্জীয়া লোকক বন্দুকৰ অনুজ্ঞাপত্ৰ দিব অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে স্পৰ্শকাতৰ অঞ্চলত বাস কৰা অসমৰ মূল বাসিন্দা বা খিলঞ্জীয়া ভাৰতীয় লোকে প্ৰাণৰ আশংকা অনুভৱ কৰিলে বন্দুকৰ বাবে আবেদন কৰিব পাৰিব এই পৰ্টেলত।
৪. শোণিতপুৰৰ বাম পৰ্বতীয়াত অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী মহিলাৰ। স্বামীৰ বিৰুদ্ধে উত্থাপন হৈছে মহিলাগৰাকীক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীৰ স্বামীক। দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটাৰ মাজতেই মহিলাগৰাকীৰ গাত অগ্নিসংযোগ কৰাৰ অভিযোগ চুবুৰীয়াৰ।
৫. উত্তৰাখণ্ডৰ উত্তৰ কাশীত ৰুষ্ট প্ৰকৃতিৰ ধ্বংসলীলা। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানত কমেও পাঁচজন লোক নিহত হোৱাৰ লগতে সন্ধানহীন হৈ আছে ১০০ জনৰো অধিক লোক। ইতিমধ্যে হৰ্শিলৰ ধাৰলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী। এই দুৰ্যোগত কেবাগৰাকীও সেনা জোৱানো সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। বৰ্তমানলৈকে প্ৰায় ৫০০ লোকক উদ্ধাৰ কৰা হৈছে।
৬. বুধবাৰে ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা- ২.০’ আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ কাম শুভাৰম্ভ কৰে হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ২০২৫-২৬ বৰ্ষৰ বাবে এই আঁচনিৰ অধীনৰ ছাত্ৰীসকলক প্ৰ-পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ উচ্চ শিক্ষা গ্ৰহণৰ সপোন বাস্তৱায়িত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। ইয়াৰ অধীনত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰীসকলে মাহে ১ হাজাৰ টকাকৈ, স্নাতক পাঠ্যক্ৰমৰ ছাত্রীসকলে ১২৫০ টকাকৈ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰীসকলে ২৫০০ টকাকৈ লাভ কৰিব।
৭. ৰাছিয়াৰ পৰা আমেৰিকাই ৰাসায়নিক সাৰ, ইউৰেনিয়াম আদি আমদানি কৰে বুলি ভাৰতে তোলা অভিযোগৰ প্ৰত্যুত্তৰ দিছে ড’নাল্ড ট্ৰাম্পে। এই সন্দৰ্ভত তেওঁ জ্ঞাত নহয় বুলি দাবী কৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপৰ বাবে অহৰহ ভাবুকি দি আহিছে ট্ৰাম্পে।
৮. শীঘ্ৰে দৰ্শকৰ মাজলৈ আহিব ‘ককাদেউতা নাতি আৰু হাতী ২। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা হৈছে একালৰ অসমীয়া হিট ছবিখন। ৰিণিকি ভূঞা শৰ্মাৰ সামগ্ৰিক পৰিকল্পনাৰে নিৰ্মাণ কৰা এই ছবিখন পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই। আজি হোটেল ৰেডিচন ব্লুত ছবিখনৰ FIRST LOOK মুকলি কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে ৰিণিকি ভূঞা শৰ্মা আৰু পৰিচালক বিশ্বজিৎ বৰা। ছবিখনত দৰ্শকে দেখাপাব বহু কেইগৰাকী নবীন-প্ৰবীন অভিনেতা-অভিনেত্ৰীক।
৯. অৱশেষত গ্ৰেপ্তাৰ হ’ল সৰুপথাৰৰ ম’ৰেল পুলিচিঙৰ ঘটনাত জড়িত দুই মূল অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ। গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োকে। যোৱা ৩০ জুলাইত ৰবৰ চুৰিৰ অভিযোগত দুজন যুৱকক তালিবানি শাস্তি প্ৰদান কৰিছিল অভিযুক্তদ্বয়ে।
অন্য খবৰ পঢ়কঃ তেজপুৰত পাৰিবাৰিক কন্দলৰ শেষ পৰিণতি! স্বামীয়ে জীৱন্তে জ্বলালে পত্নীক, মৃত্যু…