শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning Headlines: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

আজি ৭ আগষ্ট বৃহস্পতিবাৰ, পুৱাৰে পৰা বিভিন্ন ঘটনা-পৰিঘটনা সংঘটিত হৈছে। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headlines: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ মুখ্য খবৰ
barasha-misra
Barasha Misra | Published: 07 Aug 2025 06:42 AM

আজি ৭ আগষ্ট, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অসমলৈ আহিব নৰেন্দ্ৰ মোদী। নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাইজৰ বাবে মুকলি কৰা হ’ব নৱনিৰ্মিত গুৱাহাটী বিমান বন্দৰ। এই বিমান বন্দৰত ভূটানৰ দলেও পৰিদৰ্শন কৰে। ভূটানৰ লোকসকলেও এই বিমানবন্দৰটো ব্যৱহাৰ কৰিব পাৰিব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  2. ঘানাত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। য’ত দুগৰাকী মন্ত্ৰী আৰু আন কেইগৰাকীমান জ্যেষ্ঠ বিষয়া নিহত হয়। এই ঘটনাই ৮ জনৰ প্ৰাণ কাঢ়ি নিয়ে। মৃতসকলৰ প্ৰতি শোক ব্যক্ত কৰিছে চৰকাৰে।
  3. ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ আমেৰিকাৰ। ৬ আগষ্টত আমেৰিকাই পুনৰ ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰে।ইয়াৰ প্ৰত্যুত্তৰ দিছে বিদেশ মন্ত্ৰালয়ে
  4. অসমত বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে মুকলি প’ৰ্টেল। সীমামূৰীয়া অঞ্চলত বাস কৰা খিলঞ্জীয়া লোকক বন্দুকৰ অনুজ্ঞাপত্ৰ দিব অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে স্পৰ্শকাতৰ অঞ্চলত বাস কৰা অসমৰ মূল বাসিন্দা বা খিলঞ্জীয়া ভাৰতীয় লোকে প্ৰাণৰ আশংকা অনুভৱ কৰিলে বন্দুকৰ বাবে আবেদন কৰিব পাৰিব এই পৰ্টেলত।
  5. মৰক্কোত ৩০ লাখ কুকুৰ হত্যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰে। এই কাম কৰাসকলৰ বিৰুদ্ধে মাত মতাৰ লগতে কুকুৰৰ বাবে আন এটা পদ্ধতি গ্ৰহণ কৰিব লাগে বুলি কয় অভিনেত্ৰীগৰাকীয়ে।
  6. পুনৰ এক নৃশংস ঘটনা। নিজ স্বামীয়ে জীৱন্তে জ্বলাই পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সংঘটিত হৈছে তেজপুৰত। এই কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
  7. বুধবাৰে নিযুত মইনা ২.০ আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
  8. ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘ককা দেউতা নাতি আৰু হাতী ২’। একালৰ অসমীয়া হিট ছবিখন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। বুধবাৰে ছবিখনৰ FIRST LOOK মুকলি। ২১ নৱেম্বৰত মুকলি অসমীয়া ছবিগৃহলৈ আহিব ‘ককা দেউতা নাতি আৰু হাতী’ ছবিখন।
  9. পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ মুখত কাশ্মীৰৰ প্ৰসংগ, ক’লে ভাৰত-পাকিস্তানৰ উত্তেজনাৰ কাৰণ। শ্বাহবাজ শ্বৰীফে কয় যে, কাশ্মীৰ বিষয়টো দুয়োখন দেশৰ মাজত উত্তেজনাৰ মূল কাৰণ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংকল্প অনুযায়ী কাশ্মীৰৰ জনসাধাৰণৰ ইচ্ছা আৰু আকাংক্ষাইহে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ বুলিও কয়।