শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণেৰে খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাইঃ দাবী ৰিপুণ বৰাৰ

কংগ্ৰেছ নেতাগৰাকীৰ অভিযোগ, অসমৰ মুখ্যমন্ত্ৰীজনে ৰাইজক নিৰাপত্তা দিব নোৱাৰি আজি ৰাইজৰ হাতত বন্দুক তুলি দি নিজে নিজৰ নিৰাপত্তা ব্যৱস্থা কৰি লবলৈ আহ্বান জনোৱা কাৰ্যই ৰাজ্য শাসনত যে মুখ্যমন্ত্ৰীজন আজি সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে, সেয়া প্ৰমাণ কৰিছে।

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণেৰে খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাইঃ দাবী ৰিপুণ বৰাৰ
মুখ্যমন্ত্ৰীক সমালোচনা ৰিপুণ বৰাৰImage Credit source: Facebook
monjit-dutta
Monjit Dutta | Updated On: 07 Aug 2025 20:51 PM

ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযান আৰু তাৰ পিছত উজনি অসমৰ ভিন্ন স্থানত দেখা দিয়া সন্দেহযুক্ত নাগৰিক বিতৰ্কই ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি তুলিছে। এই প্ৰসঙ্গক কেন্দ্ৰ কৰি শাসকীয় ৰাজ্য চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে কংগ্ৰেছে। আজি ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবী তুলিলে কংগ্ৰেছে। কংগ্ৰেছ নেতা ৰিপুণ বৰাই সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক তীক্ষ্ণ সমালোচনাৰ লক্ষ্য কৰি লয়।

কংগ্ৰেছ নেতাগৰাকীৰ অভিযোগ, অসমৰ মুখ্যমন্ত্ৰীজনে ৰাইজক নিৰাপত্তা দিব নোৱাৰি আজি ৰাইজৰ হাতত বন্দুক তুলি দি নিজে নিজৰ নিৰাপত্তা ব্যৱস্থা কৰি লবলৈ আহ্বান জনোৱা কাৰ্যই ৰাজ্য শাসনত যে মুখ্যমন্ত্ৰীজন আজি সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে, সেয়া প্ৰমাণ কৰিছে। শেহতীয়াকৈ উজনি অসমত মিঞা বিচৰাৰ নামত আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটিছে বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰিছে।

ৰিপুণ বৰাই কয় যে, অসমীয়া যুৱক-যুৱতীসকল কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱাৰ দৰে দেশৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ সুত্ৰে আজি নামনি অসমৰ কিছু মুছলমান ব্যক্তিয়ে পেটৰ তাড়নাত কামৰ সংক্ৰান্তত উজনি অসমলৈ গৈছে। “এখন ৰাজ্য চৰকাৰৰ মৌলিক দায়িত্ব হʼল দেশৰ নাগৰিকৰ নিৰাপত্তা ব্যৱস্থা সু-নিশ্চিত কৰাতো। কিন্তু আজি দেখা গৈছে এই ক্ষেত্ৰত অসম চৰকাৰ বাৰুকৈয়ে অসফল হৈছে।”- এইদৰে কয় কংগ্ৰেছ নেতাগৰাকীয়ে।

যদি কʼৰবাত বাংলাদেশী লোক আছে, চৰকাৰে তেওঁলোকক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰক বুলি মন্তব্য কৰে ৰিপুণ বৰাই। ৰাজ্যত আইন শৃংখলাজনিত পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটা বাবে ৰাজ্যপালৰ দ্বাৰা মুখ্যমন্ত্ৰীজনক বৰ্খাস্ত কৰাৰ দাবী কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে। সংবাদমেলত বৰাই কয়, “অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো ব্যক্তি অসমত থাকিব নোৱাৰে, এয়া কংগ্ৰেছ দলৰ আপোচ বিহীন স্থিতি। কিন্তু সন্দেহজনক শব্দৰে ভাৰতীয় লোকক হাৰাশাস্তি কৰা কাৰ্য সংবিধান বিৰোধী।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতি, অসমীয়া জাতীয়তাবাদ আৰু অসমৰ খিলঞ্জীয়াক শেষ কৰিছে বুলিও দাবী কৰে ৰিপুণ বৰাই। তেওঁ লগতে মুখ্যমন্ত্ৰীক সমালোচনা কৰি যি জন ব্যক্তিয়ে অসম চুক্তিক নস্যাৎ কৰি কাʼ আইন জাপি দিব পাৰে তেওঁ কেনেকৈ অসম প্ৰেমী হʼব পাৰে বুলিও প্ৰশ্ন কৰে। অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ৰিপুণ বৰাই কয় যে, অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত আয়োগে খিলঞ্জীয়া ৰক্ষাৰ বাবে যি প্ৰতিবেদন দাখিল কৰিছিল, সেয়া ৰাজ্য চৰকাৰে আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল।

কিন্তু আজি সেই প্ৰতিশ্ৰুতি কʼত গʼল বুলি প্ৰশ্ন কৰি ৰিপুণ বৰাই লগতে ‘যদি আপুনি অসম প্ৰেমীয়েই হʼয় তেতিয়াহ’লে বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ মানি অসমীয়াৰ সুৰক্ষা কৱচ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰি নিজকে অসম প্ৰেমী বুলি প্ৰমাণ কৰি দেখুৱাওক’ বুলিও হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়। ইফালে শাসকীয় বিজেপি চৰকাৰখনে নিজকে খিলঞ্জীয়া প্ৰেমী বুলি কয় যদিও প্ৰকৃততে এই চৰকাৰখন খিলঞ্জীয়া বিৰোধী বুলিও মন্তব্য কৰে ৰিপুণ বৰাই।

তেওঁ লগতে ৰাজ্যৰ জাতীয় সংগঠনসমূহক অসমৰ সাতামপুৰুষীয়া সমন্বয় ৰক্ষা কৰিবলৈ আহ্বান জনায়। অসমৰ বুৰঞ্জী তথা সংস্কৃতিত হিংসা আৰু ঘৃণাৰ স্থান নাই বুলি মন্তব্য কৰি তেওঁ কয়, “এই অসম ভূমি শঙ্কৰদেৱ-লাচিত আৰু আজান ফকীৰৰ দেশ। আমি সকলোৱে শান্তি বজাই ৰাখিব লাগিব।”