শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চলন্ত বাহনৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড শিল! থিতাতে প্ৰাণ গ’ল ৬ জনৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰ ৫জন লোকসহ ৬জনে। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে বাহনখনৰ ওপৰত ডাঙৰ শিল বাগৰি পৰে।

চলন্ত বাহনৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড শিল! থিতাতে প্ৰাণ গ’ল ৬ জনৰ…
বাহনখন
barasha-sarma
Barasha Sarma | Published: 08 Aug 2025 10:47 AM

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬ জনকৈ লোকে। জানিব পৰা মতে, ৭ আগষ্টৰ নিশা প্ৰায় ৯.২০ বজাত চুইফট ডিজায়াৰ বাহন এখনৰ ওপৰত পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল বাগৰি পৰে। যাৰ ফলত ৬ জন লোকৰ মৃত্যু হয়। এই ঘটনাৰ ফলত বাহনখন প্ৰায় ৫০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশৰ চাম্বাত। এই বাহনখন ভজৰাডুৰ পৰা শ্ৰীগাৰ গাঁৱলৈ গৈ আছিল। তেনেতে চলন্ত বাহনখনৰ ওপৰত পাহাৰৰ পৰা শিলটো বাগৰি পৰে।

এই বাহনখনত ৬ জন লোক আছিল আৰু ঘটনা ইমানেই ভয়ংকৰ আছিল যে আটাইকেইজনৰ থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাৰ কথা নিশ্চিত কৰি ছালুনীৰ ডিএছপি ৰঞ্জন শৰ্মাই কয় যে এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু  হয়। ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ সহায়ত নিশা মৃতদেহসমূহ উলিয়াই অনা হয়। বাহনখনত থকা যাত্ৰীসকল চাম্বাৰ চুৰাহ মহকুমাৰ বাসিন্দা আছিল। ইয়াৰোপৰি ইয়াত কোনো মানবীয় ভুল নাই বুলি কয়। লগে লগে মৃতসকলক হাস্পাতাললৈ লৈ যোৱা হয় যত তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষাৰ কাম আৰম্ভ হয়।

মৃতসকলৰ চিনাক্তকৰণ হৈছে। মৃতসকল একেটা পৰিয়ালৰে সদস্য আছিল। তেওঁলোক- ৰাজেশ কুমাৰ, হান্সো, আৰতি, দীপক, ৰাকেশ। লগত গাড়ী চলাই আছিল হেম পালোই। মৃত ৰাজেশ কুমাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক আছিল। ৰাজেশৰ সন্তানৰ বণীখেটত পঢ়ি আছিল। সন্তানক লৈ ঘৰলৈ উভতি থকাৰ সময়তে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

এই ঘটনাক লৈ মুখ্যমন্ত্রী সুখৱিন্দৰ সিং চুখু আৰু প্রাক্তন মুখ্যমন্ত্রী জয়ৰাম ঠাকুৰে শোক প্ৰকাশ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে পোষ্ট কৰি কয়, “চাম্বা জিলাৰ তিছাৰ চানৱাছত সংঘটিত গাড়ী দুৰ্ঘটনাত ছয়জন লোকৰ মৃত্যু হয়। ই অত্যন্ত দুখজনক। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা। মৃতকৰ আত্মাক ভগৱানে শান্তি দিয়ক। পৰিয়াললৈ সমবেদনা”। উল্লেখ্য যে, এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ সৈতে কোনো ধৰণৰ বাণিজ্যিক আলোচনা নহয়ঃ ট্ৰাম্প