TV9 ASSAM
মুৰ্গীৰ লিভাৰ বহু লোকৰে প্ৰিয়। সেয়ে মাংস ক্ৰয় কৰাৰ সময়ত তেওঁলোকে অতিৰিক্ত লিভাৰৰ বাবে আব্দাৰ কৰা দেখা যায়।
মুৰ্গীৰ লিভাৰ খালে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়। অৱশ্যে সেয়া নিৰ্ভৰ কৰে আপোনাৰ শৰীৰৰ অৱস্থা, খোৱা পৰিমাণ আৰু ৰন্ধনৰ ওপৰত।
মুৰ্গীৰ লিভাৰত হিম আইৰণ থাকে, যি তেজত হিম’গ্লবিন বৃদ্ধি কৰাত সহায় কৰে। ৰক্তহীনতাত ই অতি উপকাৰী।
মুৰ্গীৰ লিভাৰত ভিটামিন এ, বি-কম্প্লেক্স থাকে, এই পুষ্টিকৰ উপাদানসমূহ চকু, ছাল, স্নায়ু আৰু পাচনতন্ত্ৰৰ বাবে উপকাৰী।
মুৰ্গীৰ লিভাৰে শৰীৰৰ গঠন গঢ়ি তোলাত আৰু পেশী শক্তিশালী কৰি ৰখাত সহায় কৰে। কাৰণ মুৰ্গীৰ লিভাৰত যথেষ্ট পৰিমাণে প্ৰটিন থাকে।
কুকুৰাৰ মাংসত থকা কলিনে স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে। মগজুৰ বিকাশতো সহায় কৰে।
পিছে নিয়মিত কুকুৰাৰ মাংস খোৱা উচিত নহয়। বিশেষকৈ হাই কলেষ্টেৰল, হৃদৰোগ বা যকৃতৰ সমস্যা থকা লোকসকলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
পঢ়িবলৈ ক্লিক কৰক
শোৱা কোঠাত কেলেণ্ডাৰ থাকিলে কি হয় জানেনে?