সৰ্বাধিক বিদেশী পৰ্যটকৰ আগমনেৰে কাজিৰঙাই লিখিছে নতুন ইতিহাস…
দেখা গৈছে যে,দিনক দিনে অসমলৈ পৰ্যটকৰ আগমন বৃদ্ধি পাই আহিছে। শেহতীয়াকৈ কাজিৰঙা ভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যাই নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
অক্টোবৰ-নৱেম্বৰ মাহৰ পৰা বিশ্ব বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহি অসমত ভিৰ কৰে। ইয়াৰ জৈৱ-বৈচিত্ৰ্যই প্ৰত্যেক বছৰে পৰ্যটকসকলক আকৰ্ষণ কৰি আহিছে। দেখা গৈছে যে,দিনক দিনে অসমলৈ পৰ্যটকৰ আগমন বৃদ্ধি পাই আহিছে। শেহতীয়াকৈ অভিলেখ সংখ্যক বিদেশী পৰ্যটকে ভিৰ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পূৰ্বৰ তুলনাত বিদেশী পৰ্যটকৰ সংখ্যা ১২৭%তকৈও অধিক বৃদ্ধি পাইছে।
সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ উল্লেখ কৰে যে, যোৱা তিনি বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বিদেশী পৰ্যটকৰ আগমনৰ হাৰ তীব্ৰভাৱে বৃদ্ধি পাইছে। এই বৃদ্ধিয়ে অসমৰ সংস্কৃতি, সংৰক্ষণ তথা অসমৰ আইন-শৃংখলাজনিত সুন্দৰ পৰিৱেশক সূচাইছে৷

কাজিৰঙাৰ এশিঙীয়া গঁড়
তেওঁ কয়,”সৰ্বকালৰ সৰ্বাধিক বিদেশী পৰ্যটকৰ আগমনেৰে কাজিৰঙাই লিখিছে নতুন ইতিহাস৷ পূর্বৰ তুলনাত ১২৭%তকৈও অধিক বিদেশী পৰ্যটকৰ বৃদ্ধিয়ে অসমৰ সংস্কৃতি, সংৰক্ষণ তথা অসমৰ আইন-শৃংখলাজনিত সুন্দৰ পৰিৱেশক সূচাইছে৷ কাজিৰঙালৈ এই পৰ্যটকৰ বৃদ্ধিয়ে অসম যে বিশ্বৰ এক নৱোদিত গন্তব্য স্থান, তাকো সবলভাৱে প্ৰতিফলিত কৰিছে৷”
The world is discovering @kaziranga_ like never before.
A 127% surge in foreign tourists reflects rising global confidence in Assam’s conservation, culture and community-driven tourism, setting new benchmarks for wildlife destinations worldwide.
Come & experience #AwesomeAssam pic.twitter.com/eOuZhRO1OF
— Himanta Biswa Sarma (@himantabiswa) December 30, 2025
মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২২–২৩ চনত কাজিৰঙাত ২,৯৪৭ জন বিদেশী পৰ্যটক আহিছিল। ইয়াৰ বিপৰীতে ২০২৫–২৬ চনত বিশেষকৈ ২০২৫ চনৰ ২৭ ডিচেম্বৰলৈকে ৬,৬৯৯ জন বিদেশী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য মতে, যোৱা তিনি বছৰৰ ভিতৰত পৰ্যটকৰ সংখ্যা উল্লেখযোগ্য বৃদ্ধি পাইছে।

কাজিৰঙাত বনৰীয়া ম’হৰ সৈতে এজাক পখী
উল্লেখ্য যে, ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড় আৰু বৈচিত্ৰময় বন্যপ্ৰাণীৰ বাবে বিখ্যাত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাটো অসমৰ পৰ্যটন অৰ্থনীতিৰ বাবে এটা ভাল খবৰ।