দেশ কেতিয়াও বিভক্ত নহয় ! উচ্চতম ন্যায়ালয়ে ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন নাকচ কৰাক আদৰণি মুখ্যমন্ত্ৰীৰ
শ্বাৰ্জিল ইমামক উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাক আদৰণি জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে, CAA বিৰোধী প্ৰতিবাদৰ সময়ত তেওঁলোকে "আজাদী" শ্লোগান দিছিল আৰু আনকি তেওঁলোকৰ এজনে উত্তৰ-পূবক দেশৰ বাকী অংশৰ পৰা পৃথক কৰাৰ ভাবুকিও দিছিল।
২০২০ চনত নতুন দিল্লীৰ শ্বাহীনবাগত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰি উচটনিমূলক কাৰ্যত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থকা ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামক উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাক আদৰণি জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে, CAA বিৰোধী প্ৰতিবাদৰ সময়ত তেওঁলোকে “আজাদী” শ্লোগান দিছিল আৰু আনকি তেওঁলোকৰ এজনে উত্তৰ-পূবক দেশৰ বাকী অংশৰ পৰা পৃথক কৰাৰ ভাবুকিও দিছিল।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, “উত্তৰ-পূবক ভাৰতৰ পৰা পৃথক কৰাৰ ভাবুকি দিয়া ‘টুকদে-টুকদে গেং’ৰ এজন সদস্যৰ জামিন আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে আৰু মই ইয়াক আদৰণি জনাইছো।” তেওঁ আৰু কয় যে, এই দেশখন সদায় একত্ৰিত, অবিভাজ্য আৰু শক্তিশালী হৈ থাকিব।
ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে এই গোচৰত অভিযুক্ত ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত প্ৰাইমা ফেচি গোচৰ আছে বুলি উল্লেখ কৰিছিল। উচ্চতম ন্যায়ালয়ে অৱশ্যে আন পাঁচজনক জামিন প্ৰদান কৰে।
ক’ভিড মহামাৰীৰ সময়ত ২০২০ চনৰ জানুৱাৰী মাহত বিহাৰৰ জেহানাবাদৰ পৰা ‘কা’ বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছত ইমামক কেইমাহমানৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। লগতে তেওঁৰ ক’ভিড পজিটিভ ধৰা পৰাত ইয়াৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
শ্বাহীনবাগৰ প্ৰতিবাদত সক্ৰিয় হৈ থকা ইমামৰ বিৰুদ্ধে দেশদ্ৰোহৰ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। তেওঁৰ ভাষণত অসমক দেশৰ বাকী অংশৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি কোৱাৰ অভিযোগ উত্থাপন হৈছিল। পিছত তেওঁক নতুন দিল্লীলৈ লৈ যোৱা হয় আৰু তিহাৰ জেলত ৰখা হয়।