বাংলাদেশত আন এজন হিন্দু যুৱকক গুলীয়াই হত্যা, ১৮ দিনত পঞ্চমটো হত্যাকাণ্ড
বাংলাদেশত ৰাণা প্ৰতাপ বৈৰাগী নামৰ এজন যুৱকক গুলীয়াই হত্যা কৰা অভিযোগ উত্থাপন হৈছে। বিগত ১৮ দিনত হিন্দুৰ হত্যাৰ এয়া পঞ্চমটো ঘটনা।
বাংলাদেশৰ হিংসা আৰু অশান্তিৰ মাজতে দেশখনত আন এজন হিন্দু লোকক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সংঘটিত হৈছে জেছৌৰ জিলাৰ মণিৰামপুৰত। ৰাণা প্ৰতাপ বৈৰাগী নামৰ এজন যুৱকক গুলীয়াই হত্যা কৰা অভিযোগ উত্থাপন হৈছে। বিগত ১৮ দিনত হিন্দুৰ হত্যাৰ এয়া পঞ্চমটো ঘটনা। ৰাণা প্ৰতাপ বৈৰাগীৰ হত্যাকাণ্ড সন্দৰ্ভত এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই আৰক্ষীয়ে। ৰাণা প্ৰতাপ বৈৰাগীক কিয় গুলীয়াই হত্যা কৰা হৈছে সেয়াও এতিয়াও জানিব পৰা হোৱা নাই।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে অচিনাক্ত দুষ্কৃতিকাৰীয়ে এজন হিন্দু ব্যৱসায়ীক প্ৰথমে তেওঁক আক্ৰমণ কৰাৰ পিছত পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰে। দোকান বন্ধ কৰি ঘৰলৈ উভতি অহাৰ সময়তে চন্দ্ৰ দাস নামৰ হিন্দু লোকজনক আক্ৰমণ কৰা হয়। ফাৰ্মাচী আৰু মোবাইল বেংকিং ব্যৱসায় চলোৱা দাসে অটোৰিক্সাত গৈ থকা অৱস্থাত আক্ৰমণকাৰীয়ে গাড়ীখন ৰখাই মাৰপিট কৰে। তেওঁক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে পেট্ৰ’ল ঢালি জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হয়। নিজকে বচাবলৈ চেষ্টা কৰি দাসে পথৰ কাষৰ পুখুৰী এটাত জাপ দিয়ে। ইফালে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আক্ৰমণকাৰী।
১৮ ডিচেম্বৰত ডিপু চন্দ্ৰ দাস নামৰ ২৫ বছৰীয়া হিন্দু যুৱকক হত্যা কৰে দুষ্কৃতিকাৰীয়ে। দলটোৱে দিপুক প্ৰহাৰ কৰি হত্যা কৰে আৰু অৱশেষত পেট্ৰ’লেৰে মৃতদেহটো জ্বলাই দিয়ে।
এই ঘটনাৰ প্ৰায় এসপ্তাহৰ পাছত ২৪ ডিচেম্বৰত ৰাজবাৰী চহৰৰ পাংছাত ধন দাবীৰ অভিযোগত অমৃত মণ্ডল নামৰ আন এজন হিন্দু লোকক প্ৰহাৰ কৰি হত্যা কৰা হয়। ইয়াৰ পিছতে ৩১ ডিচেম্বৰত অত্যাচাৰৰ বলি হৈছিল এজন হিন্দু লোক। এই সকলোবোৰ হত্যাকাণ্ডৰ আঁৰত বাংলাদেশী মৌলবাদী জড়িত থকাৰ সন্দেহ। তেওঁলোকৰ টাৰ্গেট কেৱল হিন্দু।