অবৈধ দখল কেতিয়াও সহ্য কৰা নহ’ব, হোজাইত ১৭০০ একৰৰো অধিক সংৰক্ষিত বনভূমি বেদখলৰ পৰা মুক্ত
তেওঁৰ চৰকাৰে ৰাজহুৱা ভূমি বেদখল কেতিয়াও সহ্য নকৰে বুলি পুনৰ সকীয়াই দিয়ে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, যুমনা আৰু মৌদাঙা সংৰক্ষিত বনাঞ্চলত চলোৱা উচ্ছেদ অভিযান সফলতাৰে সম্পূৰ্ণ হৈছে।
বৰ্তমান চৰকাৰে হোজাই জিলাৰ ১,৭০০ একৰৰো অধিক বনাঞ্চল ভূমি বেদখলৰ পৰা মুক্ত কৰিছে। এই কথা দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ লগতে তেওঁৰ চৰকাৰে ৰাজহুৱা ভূমি বেদখল কেতিয়াও সহ্য নকৰে বুলি পুনৰ সকীয়াই দিয়ে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, যমুনা আৰু মৌদাঙা সংৰক্ষিত বনাঞ্চলত চলোৱা উচ্ছেদ অভিযান সফলতাৰে সম্পূৰ্ণ হৈছে।
তেওঁ কয়,”যমুনা–মৌদাঙা সংৰক্ষিত বনাঞ্চলত অবৈধ দখলকাৰীৰ অধ্যায় সমাপ্ত৷ আমাৰ চলিত উচ্ছেদ অভিযানৰ শান্তিপূৰ্ণ, আইনসন্মত আৰু দৃঢ় ব্যৱস্থাৰ জৰিয়তে ৫,২৫০ বিঘা ভূমি পুনৰুদ্ধাৰ সফলভাৱে সম্পূৰ্ণ কৰা হৈছে।” তেওঁ লগতে কয় যে, আমি আগতও কৈ আহিছোঁ, এতিয়াও কওঁ-অসমভূমিত অবৈধ দখল কেতিয়াও সহ্য কৰা নহ’ব।
২০২১ চনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন ক্ষমতালৈ অহাৰ পিছৰে পৰা কথিত বেদখলৰ পৰা ভূমি মুক্ত কৰিবলৈ ধাৰাবাহিকভাৱে উচ্ছেদ চলাই আহিছে, যাৰ ফলত বেছিভাগেই বাংলাভাষী মুছলমান জনসাধাৰণৰ ওপৰত প্ৰভাৱ পৰিছে। নৱবৰ্ষৰ প্ৰথম দিনটোত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত শৰ্মাই কৈছিল যে এতিয়ালৈকে ১,৪৫,০০০ বিঘা (৪৭,৮৫০ একৰ) ভূমি বেদখলৰ পৰা মুক্ত কৰিবলৈ উচ্ছেদ অভিযান চলোৱা হৈছে।
যোৱা বছৰৰ ৩ নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে, বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদৰ অভিযান অব্যাহত থাকিব আৰু তেওঁৰ চৰকাৰৰ অধীনত “অবৈধ মিয়াসকলে” শান্তি লাভ কৰিব নোৱাৰে।
‘মিয়া’ মূলতঃ অসমৰ বাংলাভাষী মুছলমানসকলক কেন্দ্ৰ কৰি ব্যৱহাৰ কৰি অহা হৈছে। এই শব্দটোৰে অবাংলাভাষী লোকসকলে সাধাৰণতে তেওঁলোকক বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰে। শেহতীয়া বছৰবোৰত দেখা গৈছে যে, এই শব্দটোৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীক সম্বোধন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।