শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিজেপিত চামিল হ’ব কংগ্ৰেছ! এয়া কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

হিমন্ত বিশ্ব শৰ্মাৰ মতে, আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিব। তেনে পৰিস্থিতিত কংগ্ৰেছ বিজেপিলৈ অহাৰ সম্ভাৱনা আছে বুলি তেওঁ কটাক্ষ কৰে।

বিজেপিত চামিল হ’ব কংগ্ৰেছ! এয়া কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook/Himanta Biswa Sarma
monjit-dutta
Monjit Dutta | Published: 19 Aug 2025 09:59 AM

লোকসভাত বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাহুল গান্ধীৰ শেহতীয়া ৰাজনৈতিক কাৰ্যকলাপৰ ওপৰত প্ৰশ্ন তুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ। হিমন্ত বিশ্ব শৰ্মাৰ দাবী, ৰাজনৈতিক লাভালাভৰ বাবে ৰাহুল গান্ধীয়ে দেশত বিশৃংখল অৱস্থাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ বাবে তেওঁ যিকোনো পৰিসৰলৈ যাব পাৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে।

কেৱল ৰাহুল গান্ধীয়েই নহয়, অসম কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈকো কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সোমবাৰে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ কংগ্ৰেছ সংযোগ সন্দৰ্ভত তোলা অভিযোগৰ প্ৰত্যুত্তৰ দি হিমন্ত বিশ্ব শৰ্মাই নিজকে প্ৰভাৱশালী ব্যক্তি হিচাপে প্ৰক্ষেপ কৰে আৰু কংগ্ৰেছৰ অস্তিত্বক লৈ শংকা প্ৰকাশ কৰে।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ক্ষুৰধাৰ সমালোচনা কৰে। ৰাহুল গান্ধীয়ে সংসদত পাকিস্তানক সমৰ্থন কৰাৰ লগতে দেশৰ বিৰুদ্ধে নেতিবাচক মন্তব্য কৰাৰো অভিযোগ তোলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

“”ৰাহুল গান্ধীয়ে দেশত বিশৃংখলতা সৃষ্টি কৰিবলৈ যিকোনো পৰিসৰলৈ যাব পাৰে- কেতিয়াবা ধৰ্মৰ নামত, কেতিয়াবা ভোটৰ নামত। তেওঁৰ পৰা মই কেতিয়াও ইতিবাচক কথা শুনা নাই। আৰু সংসদত তেওঁলোকে যিদৰে পাকিস্তানক সমৰ্থন কৰিছিল সেয়া স্পষ্ট হৈ পৰিছিল। জনসাধাৰণে নিশ্চয় ৰাহুল গান্ধীক পাঠ শিকাব।”- তেওঁ কয়।

ইফালে গৌৰৱ গগৈৱ কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই ‘অসম কংগ্ৰেছে আগন্তুক বিধানসভা নিৰ্বাচনত নিজৰ পৰাজয় ইতিমধ্যে মানি লৈছে’ বুলি মন্তব্য কৰে। গৌৰৱ গগৈয়ে কোৱাৰ দৰে চাৰিটা ফোনৰ উধৃতি দি মুখ্যমন্ত্ৰীয়ে কয়, “মোৰ এটা ফোন প্ৰমোদ বড়োলৈ যায়, আন এটা হাগ্ৰামা মহিলাৰীলৈ যায়। তৃতীয় ফোনটো যায় অমিত শ্বাহলৈ।”

কংগ্ৰেছৰ ভিতৰতো তেওঁৰ সংযোগ থকা বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই এনে পৰিস্থিতিত তেওঁতকৈ প্ৰভাৱশালী ব্যক্তি কোন থাকিব পাৰে বুলি প্ৰশ্ন কৰে। ইফালে হিমন্ত বিশ্ব শৰ্মা ভৱিষ্যতে কংগ্ৰেছলৈ যাব নেকি বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কৰে এক বিশেষ মন্তব্য।

হিমন্ত বিশ্ব শৰ্মাৰ মতে, আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিব। তেনে পৰিস্থিতিত কংগ্ৰেছ বিজেপিলৈ অহাৰ সম্ভাৱনা আছে বুলি তেওঁ কটাক্ষ কৰে। “ভৱিষ্যতে কংগ্ৰেছহে বিজেপিলৈ অহাৰ সম্ভাৱনা আছে। কংগ্ৰেছ ক’ত থাকিব এইটো নিৰ্বাচনৰ পিছত!”- এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।