TV9 ASSAM
অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ। এই প্ৰতিযোগিতাত ভাৰত ৮ বাৰ চেম্পিয়ন হৈছে, সফল হৈছে ৫ জন অধিনায়ক।
১৯৮৪ চনত প্ৰথমবাৰৰ বাবে এছিয়া কাপৰ চেম্পিয়ন হৈছিল ভাৰত। সুনীল গাভাস্কাৰৰ নেতৃত্বত ভাৰতে প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিছিল।
ভাৰতে দ্বিতীয়বাৰৰ বাবে ১৯৮৮ চনত জয় কৰিছিল এছিয়া কাপ। দিলীপ ভেংছাৰকাৰৰ নেতৃত্বত ভাৰতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল।
মহম্মদ আজহাৰউদ্দিনৰ নেতৃত্বত ভাৰতে দুবাৰকৈ এছিয়া কাপৰ খিতাপ জয় কৰিছিল। ১৯৯২, ১৯৯৫ চনত আজহাৰউদ্দিনে এই সফলতা লাভ কৰিছিল।
আজহাৰউদ্দিনৰ দৰে এম এছ ধোনীয়েও দুবাৰকৈ এছিয়া কাপৰ খিতাপ দখল কৰে। ২০১০ আৰু ২০১৬ চনত তেওঁ এই খিতাপ দখল কৰিছিল।
ৰোহিত শৰ্মাই ২০১৮ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ হৈ এছিয়া কাপ জয় কৰিছিল। ইয়াৰ পিছত ২০২৩ চনত তেওঁৰ নেতৃত্বত ভাৰতে পুনৰ খিতাপ জয় কৰে।
এইবাৰ এছিয়া কাপত ভাৰতক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে। এতিয়া সফল অধিনায়কৰ তালিকাত তেওঁৰ নাম সংযোজিত হ’বনে সেয়া হ’ব লক্ষণীয়।
পঢ়িবলৈ ক্লিক কৰক
সহ-অধিনায়কৰ দায়িত্বত ৰিয়ান পৰাগ