19 AUG 2025
TV9 ASSAM
হিন্দু ধৰ্মত গণেশৰ বিশেষ মহত্ব আছে। প্ৰতিবছৰে গণেশ পূজা অতি ধুমধামেৰে উদযাপন কৰা হয়। কোৱা হয়, সকলো ভগৱানতকৈ আগতে গণেশক পূজা কৰা হয়।
প্ৰতি বছৰৰ দৰে এইবাৰো গণেশ চতুৰ্থী পালন কৰা হ'ব। ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিৰ পৰা ই আৰম্ভ হৈ ভাদ মাহৰ শুল্ক পক্ষৰ চতুৰ্দশী বা অনন্ত চতুৰ্দশীত সমাপ্ত হ'ব।
এই সময়চোৱাত গণেশৰ পূজা কৰা হয়। বিভিন্নজনে ঘৰ, মন্দিৰ আদি ১০ দিনলৈ গণপতিৰ পূজা অৰ্চনা কৰে আৰু শেষত বিসৰ্জন দিয়ে।
হিন্দু পঞ্জিকা অনুসৰি, ভাদ মাহৰ চতুৰ্থী তিথি ২৬ আগষ্টৰ দুপৰীয়া ১ বাজি ৫৪ মিনিটত আৰম্ভ হ'ব আৰু ২৭ আগষ্ট দুপৰীয়া ৩ বাজি ৪৪ মিনিটলৈ থাকিব। এনে অৱস্থাত ২৭ আগষ্টত গণেশ চতুৰ্থী পালন কৰা হ'ব।
শাস্ত্ৰত মধ্যাহ্ন কালত গণপতিৰ স্থাপন কৰাৰ শুভ সময় বুলি কোৱা হয়। মান্যতা অনুসৰি এই সময়ত গণেশৰ জন্ম হৈছিল।
এই বছৰ শুভ সময় ২৭ আগষ্ট পুৱা ১১.০৫ বজাৰ পৰা আৰম্ভ হৈ দুপৰীয়া ০১.৪০ লৈ থাকিব। এই দিনটোত শুক্ল যোগ, সৰ্বাৰ্থ সিদ্ধ যোগ, ৰবি যোগ আদি গঠন হ'ব। যি শুভ।
প্ৰতিবছৰে অনন্ত চতুদৰ্শীৰ দিনা গণেশৰ বিসৰ্জন দিয়া হয়। হিন্দু পঞ্জিকা অনুসৰি এই বছৰ অনন্ত চতুৰ্দশী ৬ ছেপ্টেম্বৰ, ২০২৫ শনিবাৰে হ'ব। এই দিনটোতে গণেশৰ বিসৰ্জন হ'ব।
পঢ়িবলৈ ক্লিক কৰক