শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইচ্ছামতে ৰে’লত নিব নোৱাৰিব বেগ ভৰাই সামগ্ৰী, অন্যথা বিমানৰ দৰেই বাবে ভৰিব লাগিব জৰিমনা…

ৰে’লযোগে যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে কাৰ্যকৰী হ’ব এক নতুন নিয়ম। এতিয়াৰে পৰা ৰে’লযোগে যাত্ৰা কৰা যাত্ৰীৰ লাগেজৰ সীমা নিৰ্ধাৰণ কৰা হ’ব। নিৰ্ধাৰিত সীমাতকৈ অধিক লাগেজ কঢ়িয়াই নিলে যাত্ৰীসকলে জৰিমনা ভৰিব লাগিব। সবিশেষ জানো আহক...

ইচ্ছামতে ৰে’লত নিব নোৱাৰিব বেগ ভৰাই সামগ্ৰী, অন্যথা বিমানৰ দৰেই বাবে ভৰিব লাগিব জৰিমনা…
বিমানৰ দৰেই ৰে’ল যাত্ৰীৰ অতিৰিক্ত সামগ্ৰীৰ ওপৰত বিহা হ’ব জৰিমনা
trishna-kalita
Trishna Kalita | Updated On: 19 Aug 2025 12:31 PM

ৰে’লযোগে যাত্ৰা কৰা যাত্ৰীসকলৰ ক্ষেত্ৰত হ’ব এটা ডাঙৰ পৰিৱৰ্তন। এতিয়া বিমানৰ দৰেই ৰে’লতো নিৰ্ধাৰিত মানদণ্ডতকৈ অধিক সামগ্ৰী বা লাগেজ কঢ়িয়াই নিয়াৰ বাবে অতিৰিক্ত ভাড়া দিব লাগিব। ইয়াৰ বাবে উত্তৰ কেন্দ্ৰীয় ৰে’লৱেৰ প্ৰয়াগৰাজ সংমণ্ডলে জংচনকে ধৰি ডাঙৰ ডাঙৰ ষ্টেচনত ইলেক্ট্ৰনিক ওজন মেচিন স্থাপন কৰিবলৈ প্ৰস্তুতি চলাইছে। এই মেচিনসমূহৰ জৰিয়তে যাত্ৰীসকলে নিজৰ লাগেজ ওজন মাপ কৰিব লাগিব।

যদিহে ওজনৰ সময়ত লাগেজে নিৰ্ধাৰিত মানদণ্ড অতিক্ৰম কৰে, তেন্তে যাত্ৰীয়ে ইয়াৰ বাবে অতিৰিক্ত চাৰ্জ দিব লাগিব। তথ্য অনুসৰি যদি কোনো যাত্ৰীয়ে নিৰ্ধাৰিত সীমাতকৈ অধিক লাগেজ লৈ যাত্ৰা কৰিব বিচাৰে তেন্তে তেওঁ আগতীয়াকৈ বুকিং কৰাৰ সময়তে ইয়াৰ চাৰ্জ দিব পাৰিব। যদি তেওঁ নিৰ্ধাৰিত সীমাতকৈ অধিক লাগেজৰ চাৰ্জ দিয়া নাই, তেন্তে তেওঁ জৰিমনা ভৰিব লাগিব।

এই ষ্টেচনসমূহত আৰম্ভ হ’ব এই ব্যৱস্থা

প্ৰথম অৱস্থাত প্ৰয়াগৰাজ সংমণ্ডলৰ প্ৰধান ষ্টেচনৰ পৰাই এই ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়া প্ৰয়াগৰাজ জংচন, প্ৰয়াগৰাজ চেওকী, চুবেদাৰগঞ্জ, কানপুৰ চেণ্ট্ৰেল, মিৰ্জাপুৰ, টুণ্ডলা, আলিগড় জংচন, গোবিন্দপুৰী আৰু ইটাৱা ষ্টেচনত কাৰ্যকৰী কৰা হ’ব। এই ষ্টেচনসমূহত অতি সোনকালে ইলেক্ট্ৰনিক লাগেজ মেচিন স্থাপন কৰা হ’ব। য’ত যাত্ৰীসকলৰ লাগেজ পৰীক্ষা কৰা হ’ব।

লাগেজৰ আকাৰো পৰীক্ষা কৰা হ’ব

প্ৰয়াগৰাজ সংমণ্ডলৰ জ্যেষ্ঠ ডিচিএম হিমাংশু শুক্লাই কয় যে, এই সন্দৰ্ভত আলোচনা চলি আছে। যদি কাৰোবাৰ লাগেজৰ আকাৰ অতি ডাঙৰ হয়, যদিও ইয়াৰ ওজন নিৰ্ধাৰিত সীমাতকৈ কম হয়, তেন্তে অধিক ঠাই দখল কৰাৰ বাবেও তেওঁৰ ওপৰত জৰিমনা বিহা হ’ব। আৰোপ কৰা জৰিমনা স্বাভাৱিক হাৰৰ তুলনাত অধিক হ’ব।

কোনখন ডবাত কিমান লাগেজ নিয়াৰ অনুমতি আছে?

ইয়াত যাত্ৰীৰ শ্ৰেণী অনুসৰি লাগেজৰ সীমা নিৰ্ধাৰণ কৰা হৈছে। নিৰ্দিষ্ট সীমা অনুসৰি ফাৰ্ষ্ট এচিৰ যাত্ৰীসকলে ৭০ কিলোগ্ৰাম পৰ্যন্ত লাগেজ কঢ়িয়াই নিব পাৰে। একে সময়তে ছেকেণ্ড এচিৰ যাত্ৰীসকলে ৫০ কিলোগ্ৰাম পৰ্যন্ত আৰু থাৰ্ড এচিৰ যাত্ৰীসকলে ৪০ কিলোগ্ৰাম পৰ্যন্ত লাগেজ কঢ়িয়াব পাৰে। শ্লীপাৰ ক্লাছৰ যাত্ৰীসকলে ৪০ কিলোগ্ৰাম পৰ্যন্ত লাগেজ কঢ়িয়াই নিব পৰাৰ বিপৰীতে সাধাৰণ আৰু দ্বিতীয় চিটিঙৰ যাত্ৰীসকলে ৩৫ কিলোগ্ৰাম পৰ্যন্ত লাগেজ কঢ়িয়াই নিব পাৰিব।

কি ক’লে ৰে’লৱে?

ৰে’লৱেই কয় যে, সকলো যাত্ৰীৰ সুৰক্ষা আৰু সুবিধাৰ কথা মনত ৰাখি এই নিয়ম প্ৰণয়ন কৰা হৈছে। এই নিয়ম সকলো যাত্ৰীৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য হ’ব আৰু কোনো ধৰণৰ ৰেহাই দিয়া নহ’ব। ৰে’লৱেই কয় যে যদি কোনো যাত্ৰীয়ে লগত অধিক লাগেজ কঢ়িয়াই নিব বিচাৰিছে তেন্তে তেওঁ আগতীয়াকৈ বুকিং কৰিব পাৰে। যাৰ ফলত যাত্ৰাৰ সময়ত তেওঁলোকৰ কোনো অসুবিধাৰ সৃষ্টি নহ’ব।