শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰস্ৰাৱৰ ৰং গাঢ়, মূৰৰ বিষ…ই কিহৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

গৰমৰ দিনত মানুহৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে। বিশেষকৈ আৰ্দ্ৰতাৰ বাবে ডিহাইড্ৰেশ্যনৰ সমস্যা হয়। এই সমস্যা হোৱাৰ সময়ত কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

প্ৰস্ৰাৱৰ ৰং গাঢ়, মূৰৰ বিষ…ই কিহৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…
মূৰৰ বিষImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 19 Aug 2025 11:55 AM

আজিকালি মানুহৰ বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। বিশেষকৈ গ্ৰীষ্মকালত বহু ৰোগ হয়। যিমানেই ঘাম ওলাই সিমানেই শৰীৰ ভাগৰুৱা হৈ পৰে। বহুতে ভাবে যে গৰমৰ বাবে মানুহৰ ডিহাইড্ৰেশ্যন হয়। কিন্তু আৰ্দ্ৰতা (Humidity)ৰ ফলতো শৰীৰে বহু পৰিমাণৰ পানী হেৰুয়ায়। গতিকে প্ৰশ্ন হয়, আদ্ৰতাৰ বাবে শৰীৰত কিয় পানীৰ অভাৱ হয় আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

আৰ্দ্ৰতা আৰু বহুত গৰমৰ মাজত পাৰ্থক্য এয়াই যে, আদ্ৰতাৰ ঘাম বাহিৰৰ পৰা ভালদৰে নুশুকায় আৰু আমি ইয়াৰ বিষয়ে গম নাপাও। এই সময়ত গাটো চিপচিপীয়া লাগে আৰু ঘামবোৰ লাগি ধৰাৰ দৰে অনুভৱ হয়। যাৰ বাবে এনে সময়ত ডিহাইড্ৰেশ্যন বেছিকৈ হয়। বহুতে কেতিয়াবা পিয়াহ লগাটোও সাধাৰণ বুলি ভাবে। কিন্তু ই ডিহাইড্ৰেশ্যনৰ আৰম্ভণি হ’ব পাৰে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

আৰ্দ্ৰতাত কিয় বেছি হয়

দিল্লীৰ জিটিবি হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ অজিত জৈনে কয় যে, বতৰ আৰ্দ্ৰ হ’লে অৰ্থাৎ বতাহত আৰ্দ্ৰতা থাকিলে শৰীৰৰ পৰা ঘাম বহুত ওলাই কিন্তু শৰীৰে আৰাম লাভ নকৰে বা শীতল নহয়। সাধাৰণতে ঘাম ওলোৱাৰ পাছত অলপ শীতল লাগিব লাগে। কিন্তু আৰ্দ্ৰ বতৰত এনে নহয়। ইয়াৰ লগতে শৰীৰৰ পৰা পানী আৰু ইলেক্ট্ৰলাইট (Sodium and Potassium) দ্ৰুতগতিত নিৰ্গত হয়। ইয়াৰ অভাৱ পূৰণ নকৰে ডিহাইড্ৰেশ্যন হয়।

ডিহাইড্ৰেশ্যনৰ লক্ষণ

  •  বাৰে বাৰে ভাগৰুৱা অনুভৱ কৰা। অফিচত বহি থকাৰ সময়তে হওক বা ঘৰত জিৰণি লৈ থকাৰ সময়ত, শৰীৰত শক্তিৰ অভাৱ হয়।
  • সঘনাই মূৰৰ বিষ ডিহাইড্ৰেশ্যনৰ লক্ষণ হ’ব পাৰে। আৰ্দ্ৰতাত শৰীৰৰ পৰা পানী আৰু ইলেক্ট্ৰলাইট (Sodium and Potassium) দ্ৰুতগতিত নিৰ্গত হয়, যাৰ ফলত খনিজ পদাৰ্থৰ অভাৱ হয় আৰু মূৰ ঘূৰোৱা বা মূৰৰ বিষ হয়।
  • ওঁঠ আৰু ডিঙি বাৰে বাৰে শুকাই যাব পাৰে। এনে ক্ষেত্ৰত আপুনি পিয়াহ অনুভন কৰিব পাৰে। বাৰে বাৰে পানী খাবলৈ মন যায় থাকিব পাৰে।

গুৰুতৰ লক্ষণ

  •  প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া হৈ পৰা।
  •  হৃদস্পন্দন আৰু পেশীৰ বিষ। শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতাৰ ফলত এনে হয়।
  • মূৰ ঘূৰোৱা।

 পৰিত্ৰাণৰ উপায়

  • পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে।
  • ১-২ ঘণ্টাৰ মূৰে মূৰে পানী খাব লাগে।
  • নাৰিকল পানী, লেমনেড আৰু অ’ আৰ এছ খাব লাগে।
  • আৰ্দ্ৰ বতৰত ঘৰৰ বাহিৰত থাকিলে পানীৰ বটল এটা লগত ৰাখক।
  • চাহ, কফি আদি কমকৈ খাব।
  • মিঠা আৰু  শীতল পানীয়ৰ পৰা আঁতৰি থাকক।

 

 

অন্য খবৰ পঢ়কঃ Alzheimer Disease: সৰু সৰু কথা পাহৰি যায় নেকি? ই সাধাৰণ নে এলঝেইমাৰৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…