TV9 ASSAM
দিনটোৰ কৰ্মৰ হেঁচাৰ পিছত নিশা শোওঁতে গাৰুত মূৰ গুজি লোৱাটো প্ৰায় সকলো লোকৰে অভ্যাস। গাৰু নহ’লে বহুলোকৰ টোপনিও নাহে।
বহুলোকে আৰামদায়ক টোপনিৰ বাবে ওখ খাৰু ব্যৱহাৰ কৰে। পিছে এই অভ্যাসৰ বাবে তেওঁলোকে অজানিতে নিজৰ বিপদ মাতি আনে।
ওখ খাৰুত শুলে শ্বাস-প্ৰশ্বাসত অসুবিধা হ’ব পাৰে। ফলস্বৰূপে পুৱা মূৰৰ বিষ হোৱাৰ লগতে দিনটোলৈ মানসিক অৱস্থা সুস্থিৰ নহ’ব পাৰে, অৱসাদৰ ভাৱ থাকে।
এনে অভ্যাসে মুখৰ পেশীৰ ওপৰত চাপ পেলায়, লগতে মূৰলৈ তেজৰ সঞ্চালনো হ্ৰাস পায়। এনে পৰিস্থিতিত মুখৰ উজ্জলতা কমে আৰু অকালতে বলিৰেখা ওলায়।
এনে অভ্যাসে শৰীৰৰ স্বাভাৱিক গঠনত প্ৰভাৱ পেলাব পাৰে। দীৰ্ঘদিন ধৰি যদি আপুনি ওখ গাৰু ব্যৱহাৰ কৰি আহিছে, ছাৰ্ভাইকেলৰ বিষত ভোগাৰ সম্ভাৱনা বৃদ্ধি পায়।
ওখ গাৰুত শুলে শৰীৰৰ মেৰুদণ্ড বেঁকা হৈ থাকে। ইয়াৰ ফলত কঁকালৰ বিষৰ সমস্যা হয়। লগতে কঁকালৰ তলৰ অংশৰ পেশীৰ জঠৰতাৰ দৰে সমস্যা হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
কণী নে পনীৰ, কোনবিধত থাকে অধিক প্রটিন?