ৰাধাকৃষ্ণনৰ ওপৰত আস্থা এন ডি এৰ, ‘পদোন্নতি’ ঘটাই নমালে উপ-ৰাষ্ট্ৰপতিৰ দৌৰত
পদত্যাগী উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ উত্তৰাধিকাৰী হিচাপে চি পি ৰাধাকৃষ্ণনক প্ৰক্ষেপ কৰিছে শাসকীয় মিত্ৰজোঁটে। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই দেওবাৰে চন্দ্ৰপুৰম পান্নুছামি ৰাধাকৃষ্ণনৰ নাম এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।
অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপি নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁট এন ডি এই ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম। এই সন্দৰ্ভত চলি থকা বহু জল্পনা-কল্পনাৰ অন্ত পেলাই এন ডি এই দেওবাৰে সন্ধিয়া চি পি ৰাধাকৃষ্ণনৰ নাম উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ঘোষণা কৰে। পদত্যাগী উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ উত্তৰাধিকাৰী হিচাপে চি পি ৰাধাকৃষ্ণনক প্ৰক্ষেপ কৰিছে শাসকীয় মিত্ৰজোঁটে।
বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই দেওবাৰে চন্দ্ৰপুৰম পান্নুছামি ৰাধাকৃষ্ণনৰ নাম এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। উল্লেখ্য যে বৰ্তমান ৰাধাকৃষ্ণন মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তাৰ পূৰ্বে তেওঁ ঝাৰখণ্ড, তেলেংগানা আৰু পুডুচেৰীতো ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।