‘থ্ৰি ইডিয়টছ’ৰ জৰিয়তে দৰ্শকৰ মনত তুলিছিল আলোড়ন, চিৰদিনলৈ চকু মুদিলে এইগৰাকী অভিনেতাই
বিশেষকৈ আমিৰ খানৰ ছবি ‘থ্ৰি ইডিয়টছ’ত অধ্যাপকৰ এক সৰু অথচ স্মৰণীয় চৰিত্ৰৰ বাবে অচ্যুত পোতদাৰ অতি জনপ্ৰিয় হৈ পৰে। এই ছবিখনত থকা তেওঁৰ সংলাপ 'আখীৰ কেহনা ক্যা চাহতে হো?' শীৰ্ষক সংলাপ যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল।

চিনেপ্ৰেমীসকলৰ বাবে এক পৰিচিত ছবি ‘ত্ৰি ইডিয়টছ’। ২০০৯ চনত মুক্তিপ্ৰাপ্ত বলীউডৰ এই ছবিখনে বক্স অফিচত লাভ কৰিছিল ব্যাপক সফলতা। দেশৰ ছবিজগতত আজিপৰ্যন্ত এই ছবিখনক লৈ চলি আহিছে চৰ্চা। থ্ৰি ইডিয়টছ বলীউডৰ ইতিহাসৰে এক অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে পৰিগণিত হৈছিল। ৰাজকুমাৰ হিৰাণী পৰিচালিত আমিৰ খান, আৰ মাধৱন, চাৰমান যোশী, বোমান ইৰানী, কৰীণা কাপুৰ অভিনীত এই ছবিখনৰ প্ৰতিটো চৰিত্ৰই জনপ্ৰিয়তা লাভ কৰিছিল। তাৰ মাজতে এক বিশেষ চৰিত্ৰ আজিও হৈ আছে সকলোৰে মাজত সজীৱ।
এই চৰিত্ৰটো আছিল এগৰাকী প্ৰফেচাৰৰ। চৰিত্ৰটোত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেতা অচ্যুত পোতদাৰে। আজিও দৰ্শকৰ মনত সজীৱ হৈ থকা এই অভিনেতাগৰাকীক পুনৰ এবাৰ আৰু স্ক্ৰীণত দেখা পোৱা নাযাব। যোৱা নিশা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বয়োজ্যেষ্ঠ অভিনেতাগৰাকীয়ে।
প্ৰকাশিত খবৰ অনুসৰি মুম্বাইৰ থানেৰ জুপিটাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অচ্যুত পোতদাৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। বলীউডৰ লগতে মাৰাঠী ছবিতো নিজৰ অনন্য অভিনয় কলাৰে দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিছিল অভিনেতাগৰাকীয়ে। সমান্তৰালকৈ টেলিভিচনৰ পৰ্দাতো তেওঁ আছিল এক পৰিচিত মুখ।
শেহতীয়া কিছুদিন ধৰি অচ্যুত পোতদাৰ স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশেষত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আজি থানেত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ’ব। বয়োজ্যেষ্ঠ অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে স্বাভাৱিকতেই শোকাহত কৰি তুলিছে ছবিজগতক।
উল্লেখ্য যে অভিনয় জগতত প্ৰৱেশ কৰাৰ পূৰ্বে অচ্যুত পোতদাৰে ভাৰতীয় সেনা আৰু ইণ্ডিয়ান অইল কোম্পানীতো চাকৰি কৰিছিল। বিগত শতিকাৰ ৮০ৰ দশকত তেওঁ ছবি আৰু টিভি শ্ব’ত কাম কৰিবলৈ আৰম্ভ কৰে আৰু অতি সোনকালেই নিজৰ উৎকৃষ্ট অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰে।
অচ্যুত পোতদাৰে নিজৰ দীঘলীয়া কেৰিয়াৰত বহু স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছিল। ‘আক্ৰোছ’, ‘এলবাৰ্ট পিণ্টো কো গুছা কিয়ো আতা হ্যেই’, ‘অৰ্ধ সত্য’, ‘তেজাব’, ‘পৰিন্দা’, ‘ৰাজু বন গয়া জেন্টলমেন’, ‘দিলৱালে’, ‘য়ে দিল্লগী’, ‘ৰংগীলা’, ‘মৃত্যুদণ্ড’, ‘যশৱন্ত’, ‘ইছক’, ‘বাস্তৱ’, ‘আয়া’, ‘আ অব ল’ট চলে’, ‘হাম সাথ সাথ হ্যেই’, ‘পৰিনীতা’, ‘লাগে ৰহো মুন্না ভাই’, ‘দাবাং ২’ আৰু ‘ভেন্টিলেটৰ’ আদি বহুকেইখন ছবিত অভিনয় কৰিছিল।
বিশেষকৈ আমিৰ খানৰ ছবি ‘থ্ৰি ইডিয়টছ’ত অধ্যাপকৰ এক সৰু অথচ স্মৰণীয় চৰিত্ৰৰ বাবে অচ্যুত পোতদাৰ অতি জনপ্ৰিয় হৈ পৰে। এই ছবিখনত থকা তেওঁৰ সংলাপ ‘আখীৰ কেহনা ক্যা চাহতে হো?’ শীৰ্ষক সংলাপ যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। এই সংলাপৰ জৰিয়তে বৰ্তমান সময়তো নানা বিষয়ৰ সৈতে সংযোগ ঘটাই মিম বনোৱা হয়।