শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গোপনে শ্বাহিদ কাপুৰৰ দ্বিতীয় বিবাহ! সকলোৱে গ’ম পোৱাৰ পিছত কৰিলে এই কাম…

শ্বাহিদ কাপুৰে তেওঁৰ এজন অনুৰাগীৰ বাবে দিনৰ পিছত দিন হাৰাশাস্তি ভুগীবলগীয়া হৈছিল।  তেওঁ বাহিৰৰ নহয়, চিনেমা জগতৰ লগত জড়িত এগৰাকী লোক। এই সম্পৰ্কৰ সংজ্ঞাটো আছিল কেৱল এজন অনুৰাগী আৰু এজন অভিনেতাৰ মাজৰ এটা সৰল সমীকৰণ।

গোপনে শ্বাহিদ কাপুৰৰ দ্বিতীয় বিবাহ! সকলোৱে গ’ম পোৱাৰ পিছত কৰিলে এই কাম…
গোপনে শ্বাহিদ কাপুৰৰ দ্বিতীয় বিবাহ!
trishna-kalita
Trishna Kalita | Updated On: 19 Aug 2025 12:45 PM

শ্বাহিদ কাপুৰৰ পৰিচয় বেলেগকৈ দিয়াৰ প্ৰয়োজন নাই। এক কথাত ক’বলৈ গ’লে শ্বাহিদ কাপুৰ বলীউডৰ হটকেক। কেৱল পৰ্দাৰ আঁৰতেই নহয়, বাস্তৱ জীৱনটো তেওঁৰ অনুৰাগীৰ সংখ্যা বৰ কম নহয়। ছ’চিয়েল মিডিয়াত তেওঁৰ প্ৰতিটো পোষ্ট ধুমুহাৰ গতিৰে ভাইৰেল হৈ পৰে। ছ’চিয়েল মিডিয়াত সদায় সক্ৰিয় হৈ থাকে শ্বাহিদ। নৃত্যৰ ক্ষেত্ৰতো তেওঁ জনপ্ৰিয়। গোপনে গোপনে বহু অনুৰাগীয়ে এই সুদৰ্শন তাৰকাক নিজৰ হৃদয়ত স্থান দিছে ।

ইয়াকে হয়তো কয় গোপন প্ৰেম বুলি! শ্বাহিদ কাপুৰে তেওঁৰ এজন অনুৰাগীৰ বাবে দিনৰ পিছত দিন হাৰাশাস্তি ভুগীবলগীয়া হৈছিল।  তেওঁ বাহিৰৰ নহয়, চিনেমা জগতৰ লগত জড়িত এগৰাকী লোক। মীৰা ৰাজপুতৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱে জানে। বৰ্তমান ইজনে সিজনৰ লগত সুন্দৰ বৈবাহিক জীৱন-যাপন কৰি আছে। আৰু তাৰ পিছত আহে শ্বাহিদ কাপুৰৰ জীৱনত ভাইৰেল হোৱা সম্পৰ্ক, যি ক্ষেত্ৰত কৰীনা কাপুৰৰ নাম প্ৰথমে আহে।

শ্বাহিদ কাপুৰৰ জীৱনত উপস্থিত আছিল আন এগৰাকী মহিলা। যদিও সেই সম্পৰ্কই অভিনেতাজনৰ ঘাম ওলাবলৈ বাধ্য কৰিছিল। এই সম্পৰ্কৰ সংজ্ঞাটো আছিল কেৱল এজন অনুৰাগী আৰু এজন অভিনেতাৰ মাজৰ এটা সৰল সমীকৰণ। কিন্তু শ্বাহিদ কাপুৰে প্ৰথম অৱস্থাত বুজি পোৱা নাছিল যে সম্পৰ্ক এই পৰ্যায়ত উপনীত হ’ব। প্ৰয়াত অভিনেতা ৰাজ কুমাৰৰ কন্যা বাস্তৱিকা পণ্ডিতক নৃত্যৰ ক্লাছত লগ পাইছিল।

ষ্টাৰকিডকগৰাকীক লগ কৰিছিল শ্বাহিদে। প্ৰথম দৃষ্টিত শ্বাহিদ কাপুৰৰ প্ৰতি আকৃষ্ট হৈছিল এইগৰাকী ষ্টাৰকিড। তেতিয়াৰ পৰাই ক্ৰমান্বয়ে আৰম্ভ হ’ল শ্বাহিদৰ অস্বস্তি। বাৰে বাৰে অভিনেতাগৰাকীক আপ্লুত কৰিবলৈ তেওঁ যিয়েই নকৰক কিয়, শ্বাহিদ কাপুৰে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। শ্বুটিং চেটলৈ যোৱা, বিৰক্ত হোৱা, কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰা, গাড়ীৰ বনেটত বহি থকা আদি বহু সময় চলি থাকিল।

এসময়ত তেওঁ শ্বাহিদ কাপুৰক পাবলৈ শ্বাহিদৰ ঘৰত থাকিবলৈ ধৰিলে আৰু সকলোকে ক’লে যে তেওঁ শ্বাহিদ কাপুৰৰ পত্নী।তেতিয়া শ্বাহিদ কাপুৰে আৰু নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। অৱশেষত অভিনেতাজনে থানাত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয়।

লগতে পঢ়ক: অক্ষয়ৰ পৰকীয়া প্ৰেমৰ পৰিণতি! মুহূৰ্ততে সলনি হৈছিল ববি দেউলৰ কেৰিয়াৰ…