শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুখ থেকেচা কংগ্ৰেছৰ, AIUDFৰ দখললৈ ধুবুৰী জিলা পৰিষদ…

জিলা পৰিষদ গঠনৰ সভাত উপস্থিত নাথাকিল বিজেপিৰ সদস্য। ইফালে, ১০ খন জিলা পৰিষদৰ আসন থকাৰ পাছতো মুখ থেকেচা খালে কংগ্ৰেছ দলে ৷

মুখ থেকেচা কংগ্ৰেছৰ, AIUDFৰ দখললৈ ধুবুৰী জিলা পৰিষদ…
AIUDF ৰ দখললৈ ধুবুৰী জিলা পৰিষদ
manas-borah
Manas Borah | Published: 18 Aug 2025 23:58 PM

AIUDF ৰ হাতলৈ গ’ল ধুবুৰী জিলা পৰিষদ। জিলা পৰিষদ গঠনৰ সভাত উপস্থিত নাথাকিল বিজেপিৰ সদস্য। ইফালে, ১০ খন জিলা পৰিষদৰ আসন থকাৰ পাছতো মুখ থেকেচা খালে কংগ্ৰেছ দলে ৷ একে সময়তে কংগ্ৰেছৰ চাৰিগৰাকী জিলা পৰিষদৰ সদস্যই AIUDF ৰ প্ৰস্তাৱিত প্ৰাৰ্থীক ভোট দিয়াৰো অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, ধুবুৰী জিলা পৰিষদৰ ২০ টা জিলা পৰিষদ সমষ্টি আছে। ইয়াৰে ভিতৰত ১০ টা সমষ্টি দখল কৰিছিল কংগ্ৰেছে। ইয়াৰ সামন্তৰালভাৱে বিজেপিয়ে ৫ টা, এআইইউডিএফে ৩ টা, ৰাইজৰ দলে ১ আৰু ১ টা সমষ্টি নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছিল। পৰিষদখন গঠন কৰাৰ বাবে সোমবাৰে জিলা আয়ুক্ত দিবাকৰ নাথৰ সঞ্চালনাত ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়।

এই সভাত বিজেপিৰ পাঁচগৰাকী সদস্যৰ বাহিৰে বাকী আটাইকেইটা দলৰ সদস্যসকল উপস্থিত থাকে। সেই অনুসৰি, জিলা আয়ুক্ত নিৰ্দেশত ১৫ গৰাকী সদস্যৰ উপস্থিতিতে অনুষ্ঠিত হয় সভাখন। মন কৰিবলগীয়া যে, ধুবুৰী জিলা পৰিষদৰ সভাপতি আৰু উপ-সভাপতিৰ পদটো এইবাৰ মহিলাৰ বাবে সংৰক্ষিত আছিল।

সভাত সভানেত্ৰী পদৰ বাবে AIUDF য়ে নায়েৰ আলগা-টিলাপাৰা জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচিত নিৰ্দলীয় প্ৰাৰ্থী ফৰিদা ইয়াছমিন মিঞাৰ নাম প্ৰস্তাৱ কৰে। একেদৰে কংগ্ৰেছে প্ৰস্তাৱ কৰে ফলিমাৰী জিলা পৰিষদৰ নিৰ্বাচিত সদস্য ৰেজিনা আহমেদৰ নাম। সেই অনুসৰি, AIUDF ৰ সমৰ্থিত সদস্য ফৰিদা ইয়াছমিন মিঞাই ৮ টা ভোট লাভ কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ সমৰ্থিত ৰেজিনা আহমেদে লাভ কৰে ৭ টা ভোট। আচৰিত কথাটো হ’ল- মাত্ৰ ৩ গৰাকী জিলা পৰিষদৰ সদস্যক লৈয়ে ধুবুৰী জিলা পৰিষদ দখল কৰিলে AIUDFয়ে। য’ত নেকি ফৰিদা ইয়াছমিনে চাৰিটা ভোট কংগ্ৰেছৰ সদস্যৰ পৰা অহা বুলি অভিযোগ উত্থাপন হৈছে।

ইফালে, উপ সভাপতি পদত জয়লাভ কৰে কংগ্ৰেছৰ কংগ্ৰেছৰ বাহিৰ শালমাৰা জিলা পৰিষদৰ নিৰ্বাচিত সদস্য শ্বাহনাজ বেগম। তেওঁ লাভ কৰে ১০ টা ভোট। এই পদৰ বাবে আনগৰাকী প্ৰাৰ্থী আছিল AIUDF ৰ ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য ৰেজিনা বেগম। তেওঁ লাভ কৰে ৫ টা ভোট।