শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘মই নিজেই লজ্জিত…’, GMCHৰ ঘটনাক লৈ আক্ষেপ মুখ্যমন্ত্ৰীৰঃ তিনিজনীয়া তদন্ত সমিতি গঠন

মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু চিকিৎসকলৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰে। চিকিৎসা মহাবিদ্যালয়খনত পৰ্যাপ্ত পৰিমাণৰ যন্ত্রপাতি তথা সা-সঁজুলি থকা স্বত্বেও এনে ধৰণৰ ঘটনা সংঘটিত হোৱাতো দুর্ভাগ্যজনক বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

‘মই নিজেই লজ্জিত…’, GMCHৰ ঘটনাক লৈ আক্ষেপ মুখ্যমন্ত্ৰীৰঃ তিনিজনীয়া তদন্ত সমিতি গঠন
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook/Himanta Biswa Sarma
monjit-dutta
Monjit Dutta | Updated On: 19 Aug 2025 08:36 AM

সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা হৃদয় বিদাৰক ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। চিকিৎসালয়ত থকা সদ্যজাত কেঁচুৱাৰ বিশেষ যতন কক্ষত এটি কেঁচুৱাৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে সবিশেষ তথ্য লাভৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা চিকিৎসালয়ত উপস্থিত হয় আৰু সদ্যজাত কেঁচুৱাৰ বিশেষ যতন কক্ষ পৰিদৰ্শন কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু চিকিৎসকলৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰে। পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে। চিকিৎসা মহাবিদ্যালয়খনত পৰ্যাপ্ত পৰিমাণৰ যন্ত্রপাতি তথা সা-সঁজুলি থকা স্বত্বেও এনে ধৰণৰ ঘটনা সংঘটিত হোৱাতো দুর্ভাগ্যজনক বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এনে ধৰণৰ অবাঞ্চিত ঘটনাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰতিষ্ঠা আৰু গৰিমাৰ সৈতে খাপ নাখায় বুলি উল্লেখ কৰি তেওঁ সমস্ত ঘটনা সন্দর্ভত অনুসন্ধান কৰিবৰ বাবে এখন তিনিজনীয়া তদন্ত সমিতি গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছুইটি ছাংচন, স্বাস্থ্য শিক্ষা বিভাগৰ সঞ্চালক আৰু এইমছৰ বিশেষজ্ঞ চিকিৎসকৰে এই তদন্ত সমিতিখন গঠন কৰা হৈছে।

অহা তিনি বা চাৰি দিনৰ ভিতৰত তদন্ত সমিতিয়ে প্রতিবেদন দাখিল কৰিব। ইতিমধ্যে কতর্ব্যৰত নাৰ্চগৰাকীক ৰাজ্য চৰকাৰে নিলম্বনৰ নিৰ্দেশ দিছে আৰু চিচি টিভিৰ মাধ্যমেৰে গোটেই বিষয়টো নিৰপেক্ষ তদন্ত কৰা হ’ব বুলি তেওঁ লগতে সদৰী কৰে।

ইফালে স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিঙক অসমৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, শিশু বিভাগৰ মুৰব্বী অধ্যাপক আৰু স্ত্রী ৰোগ বিশেষজ্ঞসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই গোটেই বিষয়টো অৱগত কৰি ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে।