পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
আজি ৰাজ্যৰ ৰাজনীতিৰ পৰা বিশ্বৰ ৰাজনীতিলৈ বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পলকতে চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰসমূহ।

গুৱাহাটীত প্ৰতিবাদ
আজি ১৮ আগষ্ট, সোমবাৰ। আজি ৰাজ্যৰ ৰাজনীতিৰ পৰা বিশ্বৰ ৰাজনীতিলৈ বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। একেদৰে জি এম চি এইছত বিচনাৰ পৰা পৰি এটি নৱজাতৰ মৃত্যু হোৱা ঘটনাৰ পৰা বকোত শোকাৱাহ ঘটনালৈকে চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰসমূহ।
দিনটোৰ শীৰ্ষ খবৰ
- জি এম চি এইছত ভয়ংকৰ কাণ্ড। বিচনাৰ পৰা পৰি মৃত্যু এটি নৱজাতৰ। সোমবাৰে পুৱা NICU ত ভৰ্তি হৈ থকা নৱজাতকটি বিচনাৰ পৰা পৰি যোৱাত মৃত্যু ঘটে। এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে কৰ্তৃপক্ষই।
- বকোত শোকাৱাহ ঘটনা। সোমবাৰে পুৱাতেই বামুনীগাঁও ৰে’ল ষ্টেচনৰ সমীপত গুৱাহাটী অভিমুখী পুৰী এক্সপ্ৰেছে মহতিয়াই নিয়ে তিনিগৰাকী মহিলাক। প্ৰাতঃভ্ৰমণৰ সময়তে ৰেলৰ খুন্দাত মৃত্যু হয় তিনিওগৰাকী মহিলাৰ। মৃত মহিলা তিনিগৰাকী ক্ৰমে উত্তৰা দাস, ৰুমী দাস আৰু কৰবা মালি।
- ডিমা হাছাও জিলাৰ জনজাতীয় অঞ্চলৰ প্ৰায় ৩০০০ বিঘা ভূমি চিমেণ্ট কোম্পানীক অৰ্পনৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। কি নীতিৰ আধাৰত পৰিষদে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰশ্ন কৰে ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে। এই সন্দৰ্ভত উপযুক্ত তথ্য প্ৰদানৰ বাবেও নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে।
- উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনৰ উদ্যোগত দীঘলী পুখুৰী পাৰত অৱস্থান ধৰ্মঘট সদৌ অসম ছাত্ৰ সন্থাৰ। অবৈধ বাংলাদেশী বিতাড়নৰ দাবীত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উত্তৰ-পূৰ্বাঞ্চলৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে NRC উন্নীতকৰণৰ দাবী উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম আৰু ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহক সংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে।
- ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিল দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান। প্ৰায় ২৫০০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্যৰে চলোৱা হয় এই উচ্ছেদ অভিযান। কৃষ্ণপুৰ আৰু হালধিবাৰী নামৰ দুয়োখন গাঁৱত উচ্ছেদ চলায় প্ৰশাসনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰা মতে বৰ্তমানলৈকে প্ৰায় ১.২৯ লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে ৰাজ্যত।
- বিশ্বনাথৰ ননকে জাপৰিগুৰীৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি। আজি উচ্ছেদৰ দ্বিতীয় দিনা বিশ্বনাথ আৰক্ষী প্ৰশাসনে এক বৃহৎ নিৰাপত্তা বাহিনী লৈ প্ৰৱেশ কৰে উচ্ছেদস্থলীত। প্ৰশাসনৰ বুলড’জাৰ চলে উক্ত স্থানৰ মছজিদত। তাৰ পিছতে একাংশ সংবাদকৰ্মীক আক্ৰমণ কৰিবলৈ খেদি আহে একাংশ লোকে। লগে লগে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
- নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত আজি সংবাদমেল সম্বোধন বিৰোধী ইণ্ডিয়া ব্লকৰ। সাংসদ গৌৰৱ গগৈয়ে নিৰ্বাচন আয়োগক সমালোচনা কৰি কয় যে দেশৰ নিৰ্বাচন আয়োগ পক্ষপাতিত্ব কৰা বিষয়াৰ হাতত আছে। বিহাৰত SIRক লৈ মৌনতা অৱলম্বন কৰিলে নিৰ্বাচন আয়োগে। লোকসভা আৰু মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মাজত কেনেকৈ নতুন ৭০ লাখ ভোটাৰ সংযোজন হ’ল সেই সন্দৰ্ভতো তেওঁলোক নিমাত আছিল। সাংসদ মহুৱা মৈত্ৰই লোকসভা ভংগৰো দাবী তোলে।
- দেশৰ ৰাজধানী দিল্লীৰ বাট-পথ সন্দৰ্ভত প্ৰশ্ন তুলিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ বি আৰ গাভায়ে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এক গোচৰৰ শুনানিৰ সময়ত তেওঁ প্ৰশ্ন কৰে যে পথৰ অৱস্থা বেয়া হোৱাৰ পিছত মানুহে কিয় টোল কৰ দিব? দুঘণ্টা বৰষুণ দিলেই দিল্লী চহৰ বিশৃংখল হৈ পৰে বুলি কয় মুখ্য ন্যায়াধীশগৰাকীয়ে।
- আজি বৈঠকত মিলিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কী। মূলতঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভতে আলোচনা কৰিব দুয়োগৰাকী নেতাই। যোৱা শনিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে বৈঠকত মিলিত হৈছিল ট্ৰাম্প। কিন্তু সেই আলোচনাত কোনো সমাধানৰ পথ নোলাল।