শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মেদবহুলতা নিয়ন্ত্ৰণ: ব্যায়াম আৰু খাদ্যৰ তুলনাত ওজন কমাব পৰা ঔষধ নিৰাপদ নেকি?

আপুনি ওজন নিয়ন্ত্ৰণ বা হ্ৰাস কৰিবলৈ কি কৰিব? ঔষধ সেৱন কৰিব নে শৰীৰ চৰ্চা আৰু খাদ্যৰ ওপৰত গুৰুত্ব দিব! এই বিভ্ৰান্তি আঁতৰাবলৈ এই প্ৰতিবেদন পঢ়ক।

মেদবহুলতা নিয়ন্ত্ৰণ: ব্যায়াম আৰু খাদ্যৰ তুলনাত ওজন কমাব পৰা ঔষধ নিৰাপদ নেকি?
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 19 Aug 2025 12:39 PM

বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে মেদবহুলতা সমস্যা দিনক দিনে বৃদ্ধি পাইছে। পিছে আপুনি ওজন নিয়ন্ত্ৰণ বা হ্ৰাস কৰিবলৈ কি কৰিব? ঔষধ সেৱন কৰিব নে শৰীৰ চৰ্চা আৰু খাদ্যৰ ওপৰত গুৰুত্ব দিব! বহু লোকে বিশ্বাস কৰে যে, ব্যায়াম, যোগাসন আৰু খোজ কঢ়াৰ অভ্যাস ওজন হ্ৰাস কৰাত ফলপ্ৰসূ নহয় আৰু ই কেৱল সময়ৰ অপচয়। তেওঁলোকে ভাৱে যে,মেদবহুলতা হ্ৰাস কৰাৰ আটাইতকৈ সহজ আৰু উত্তম উপায় হ’ল ঔষধ সেৱন কৰা। আচলতে মানুহে দীৰ্ঘদিন ধৰি কঠোৰ পৰিশ্ৰম কৰাৰ পৰিৱৰ্তে দ্ৰুত সমাধান বিচাৰে।

প্ৰশ্ন হয়, ঔষধ খোৱাটো নিৰাপদ নেকি?

দিল্লীৰ ৰাজীৱ গান্ধী চিকিৎসালয়ৰ সহযোগী অধ্যাপক ডাঃ অজিত কুমাৰে কয় যে, ওজন কমাব পৰা ঔষধে ভোক কমাই দিয়ে, যাৰ ফলত ওজন দ্ৰুতগতিত কমি যায়। এই ঔষধবোৰ কম সময়ৰ বাবে ফলপ্ৰসূ বুলি প্ৰমাণিত হয় আৰু কেতিয়াবা মেদবহুলতাৰ লগত জড়িত স্বাস্থ্যজনিত বিপদ (যেনে ডায়েবেটিছ, উচ্চ ৰক্তচাপ)ও হ্ৰাস কৰে। কিন্তু ইয়াৰ অসুবিধাও কম নহয়। এই ঔষধবোৰে প্ৰায়ে বমি, ডায়েৰিয়া, গেষ্ট্ৰাইটিছৰ সমস্যা, চকুৰ সমস্যা আদিৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও আটাইতকৈ ডাঙৰ বিপদ হ’ল ঔষধ বন্ধ কৰাৰ লগে লগে ওজন দ্ৰুতগতিত বৃদ্ধি পাব পাৰে।

ডাঃ কুমাৰে কয় যে, মেদবহুলতা নিয়ন্ত্ৰণৰ সৰ্বোত্তম উপায় হ’ল সুষম খাদ্য আৰু নিয়মীয়া শাৰীৰিক পৰিশ্ৰম। যদিও ইয়াৰ বাবে অধিক সময় লাগে, তথাপিও ইয়াৰ কোনো ডাঙৰ পাৰ্শ্বক্ৰিয়া নাই।

ওজন হ্ৰাস ঔষধ গ্ৰহণ কৰিলে কি কথাত গুৰুত্ব দিব লাগে?

এই প্ৰশ্নৰ সন্দৰ্ভত আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ সঞ্চালক অধ্যাপক ডাঃ সুভাষ গিৰীয়ে কয় যে, যিসকল লোকে কেৱল ঔষধৰ জৰিয়তে ওজন কমাব বিচাৰে তেওঁলোকেও নিজৰ জীৱনশৈলী সলনি কৰিব লাগিব। ইয়াৰ দ্বাৰা উন্নত ফলাফল পোৱা যাব পাৰে। ঔষধৰ সমান্তৰালভাৱে জীৱনশৈলী পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব দিলে ওজন হ্ৰাস কৰাত অধিক সফল হ’ব আৰু ই আপোনাৰ বাবে উপকাৰী হ’ব।

ডাঃ সুভাষে কয় যে, ওজন কমাটো যাদু নহয়। ইয়াৰ বাবে অহৰহ কঠোৰ পৰিশ্ৰম আৰু খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (NFHS-5) অনুসৰি ১৫ বছৰৰ ওপৰৰ প্ৰায় ২৪% মহিলা আৰু ২১% পুৰুষৰ ক্ষেত্ৰত মেদবহুলতা সমস্যা দেখা গৈছে ।

উল্লেখ্য যে, স্বাস্থ্য সম্পৰ্কীয় যিকোনো পৰামৰ্শ চিকিৎসকক নিজে সাক্ষাৎ কৰি গ্ৰহণ কৰক। ইয়াৰ ফলত নিশ্চিত হ’ব পাৰিব আৰু ই আপোনাৰ বাবে বিপদমুক্ত হোৱাৰ সহজ উপায়।