বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিয়ে ভাবুকি কঢ়িয়াইছে অসম তথা ভাৰতৰ অখণ্ডতালৈ, উদ্বেগ প্ৰকাশ অতুল বৰাৰ
অসমৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ বছৰৰ তুলনাত ভাৰত–বাংলাদেশ সীমান্তৰ নিৰাপত্তা পৰিস্থিতি উন্নত হৈছে যদিও কৰ্তৃপক্ষ হাই এলাৰ্টত আছে। ‘‘আগতে বহু অনুপ্ৰৱেশৰ ঘটনা আছিল যদিও এতিয়া সংখ্যা কমি আহিছে । বৰ্তমান বিএছএফ আৰু অসম আৰক্ষীয়ে কঠোৰ সতৰ্কতা অক্ষুণ্ণ ৰাখিছে।’’ মন্ত্ৰী বৰাই কয়।
অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই যোৱা বুধবাৰে বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে। দেশখনৰ ৰাজনৈতিক আৰু নিৰাপত্তা পৰিস্থিতিৰ অৱনতি ঘটাত, বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ ওপৰত বাৰম্বাৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি ইয়াক “অত্যন্ত বেয়া” বুলি অভিহিত কৰে।
গোলাঘাটত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসম গণ পৰিষদৰ সভাপতি বৰাই কয় যে বাংলাদেশত হিন্দুৰ হত্যা আৰু নিৰ্যাতনৰ সৈতে জড়িত ঘটনাসমূহ নতুন নহয় যদিও ইয়াক তীব্ৰ গৰিহণা দিব লাগিব। ‘‘বাংলাদেশত হিন্দু হত্যাৰ ঘটনা বহুদিন ধৰি সংঘটিত হৈ আহিছে। এয়া নতুন কথা নহয়। কিন্তু আমি এইবোৰ ঘটনাক গৰিহণা দিছো।’’ বৰাই কয়।
অসমৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ বছৰৰ তুলনাত ভাৰত–বাংলাদেশ সীমান্তৰ নিৰাপত্তা পৰিস্থিতি উন্নত হৈছে যদিও কৰ্তৃপক্ষ হাই এলাৰ্টত আছে। ‘‘আগতে বহু অনুপ্ৰৱেশৰ ঘটনা আছিল যদিও এতিয়া সংখ্যা কমি আহিছে । বৰ্তমান বিএছএফ আৰু অসম আৰক্ষীয়ে কঠোৰ সতৰ্কতা অক্ষুণ্ণ ৰাখিছে।’’ মন্ত্ৰী বৰাই কয়।
তেওঁ সকীয়াই দিয়ে যে বাংলাদেশৰ পৰিস্থিতিয়ে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ লগতে ভাৰতৰ ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব পাৰে। ‘‘বাংলাদেশে সঁচাকৈয়ে অসমৰ স্থানীয় জনসাধাৰণৰ বাবে আৰু ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। সেয়েহে ভাৰত চৰকাৰে শক্তিশালী পদক্ষেপ লোৱা উচিত।’’ তেওঁ দৃঢ়তাৰে কয়। “জেহাদী উপাদান”ৰ উপস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰাৰ লগতে অসম আৰক্ষীয়ে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি আশ্বাস দিয়ে অতুল বৰাই।
দেশখনৰ ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত সাম্প্ৰদায়িক হিংসাৰ ধাৰাবাহিকতা বৃদ্ধি পোৱাৰ সময়তে এই মন্তব্য কৰিছে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে। বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদৰ তথ্য অনুসৰি কেৱল ডিচেম্বৰ মাহত কমেও ৫১টা সাম্প্ৰদায়িক হিংসাৰ ঘটনা সংঘটিত হৈছে।
ইয়াৰ ভিতৰত আছিল ১০টা হত্যাকাণ্ড, ১০টা চুৰি আৰু ডকাইতিৰ গোচৰ, ঘৰ-দুৱাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, মন্দিৰ আৰু মাটি দখল কৰা, লুণ্ঠন আৰু অগ্নিসংযোগৰ সৈতে জড়িত ২৩টা কাণ্ড, ধৰ্মীয় মানহানি আৰু “ৰ’ৰ এজেণ্ট” হোৱাৰ ভুৱা অভিযোগত গ্ৰেপ্তাৰ আৰু নিৰ্যাতনৰ চাৰিটা গোচৰ, এটা ধৰ্ষণৰ চেষ্টা, আৰু তিনিটা শাৰীৰিক আক্ৰমণৰ গোচৰ।
পৰিষদে কয় যে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহলৈকে হিংসাত্মক পৰিস্থিতি অব্যাহত আছে। ২ জানুৱাৰীত লক্ষ্মীপুৰৰ ৰামগটিত সত্যৰঞ্জন দাসৰ ধান খেতিত জুই লগাই দিয়া হয়। যোৱা ৩ জানুৱাৰীত শ্বৰীয়তপুৰত ব্যৱসায়ী খোকন চন্দ্ৰ দাসক আক্ৰমণ কৰি জ্বলাই দিয়াৰ ফলত তেওঁৰ মৃত্যু হয়। সেইদিনাই চট্টোগ্ৰামৰ মিলন দাসৰ পৰিয়ালটোক ডকাইতিৰ সময়ত পণবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে কুমিলাৰ পৰা আন এটা ডকাইতিৰ খবৰ পোৱা গৈছে, য’ত চনু দাসৰ ঘৰৰ পৰা সোণ, ৰূপ আৰু নগদ ধন লুট কৰা হৈছিল।
৪ জানুৱাৰীত শুভো পোদ্দাৰ নামৰ এজন সোণৰ ব্যৱসায়ীক মুখ বন্ধ কৰি তেওঁৰ দোকানৰ পৰা সোণৰ অলংকাৰ লুটি নিয়াৰ বিপৰীতে ঝেনৈদাৰ কালিগঞ্জ অঞ্চলত এগৰাকী ৪০ বছৰীয়া হিন্দু বিধৱাক ধৰ্ষণ কৰি গছত বান্ধি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ধৰ্মীয় উগ্ৰবাদীসকলে কুৰিগ্ৰাম জিলাৰ উপায়ুক্ত অন্নপূৰ্ণা দেৱনাথকো নিৰ্বাচনী কৰ্তব্য পালন কৰাৰ বাবে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি অপসাৰণৰ দাবী কৰা বুলি জানিব পৰা গৈছে। সেইদিনা দিনাজপুৰত হিন্দু ঘৰৰ পৰা ধন আদায়ৰ চেষ্টা চলাই থকাৰ সময়তে স্থানীয় এন চি পিৰ নেতা এম এ তফছিৰ আৰু এজন সহযোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
যোৱা ৫ জানুৱাৰীত জাশোৰত বৰফৰ কাৰখানাৰ মালিক ৰানা প্ৰতাপ বৈৰাগীক ৰাজহুৱাভাৱে গুলীয়াই দিয়াৰ বিপৰীতে নাৰ্চিংডিত গেলামালৰ দোকানৰ মালিক মণি চক্ৰৱৰ্তীক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছিল।
বাংলাদেশৰ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদে এই ঘটনাক তীব্ৰ গৰিহণা দি দেশজুৰি সংখ্যালঘু জনগোষ্ঠীসমূহে নিৰ্বাচনৰ পূৰ্বে ভয় আৰু অনিশ্চয়তাৰ মাজত জীৱন কটাবলগীয়া হোৱা বুলি উল্লেখ কৰিছে। সংগঠনটোৱে সংখ্যালঘুসকলে মুক্তভাৱে ভোটদান কৰিব পৰাৰ বাবে আশংকাত ভুগিছে বুলি অভিযোগ উত্থাপন কৰে যে সাম্প্ৰদায়িক দুষ্কৃতিকাৰীয়ে সংখ্যালঘু ভোটাৰসকলক তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰাত বাধা দিবলৈ চেষ্টা চলাইছে।
হিংসা ৰোধ কৰাৰ লগতে সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বাংলাদেশ চৰকাৰ আৰু নিৰ্বাচন আয়োগক তাৎক্ষণিক আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰিষদে আহ্বান জনাইছে।