শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ ওপৰত শুল্ক আৰোপৰ কাৰণ ক’লে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিয়ে, জয়শংকৰেও দিলে বিশেষ বাৰ্তা…

ভাৰত আৰু আমেৰিকাৰ বাণিজ্যক লৈ উত্তপ্ত পৰিস্থিতি অব্যাহত আছে। শেহতীয়াকৈ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিয়ে কৈছে যে, হেঁচা প্ৰয়োগ কৰিবলৈ ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰা হৈছে।

ভাৰতৰ ওপৰত শুল্ক আৰোপৰ কাৰণ ক’লে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিয়ে, জয়শংকৰেও দিলে বিশেষ বাৰ্তা…
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিImage Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 25 Aug 2025 15:11 PM

কিছুদিন পূৰ্বে ভাৰত ভ্ৰমণ কৰিছিল আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে। সেই সময়চোৱাত তেওঁ পত্নী-সন্তানৰ সৈতে ভাৰতত উপস্থিত হৈছিল আৰু বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। ভাৰত ভ্ৰমণ পাছত তেওঁ দেশৰ সৌন্দৰ্যৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ প্ৰশংসা কৰিছিল। কিন্তু এতিয়া ভেন্সে কৰা এক মন্তব্যই দৃষ্টি কাঢ়িছে সকলোৰে। তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ওপৰত আৰোপ কৰা শুল্ক সন্দৰ্ভত বিশেষ মন্তব্য প্ৰদান কৰিছে।

তেওঁ কয় যে, ৰাছিয়াৰ যুদ্ধ বন্ধ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰি হেঁচা প্ৰয়োগ কৰিছে। ৰাছিয়াৰ তেল ৰপ্তানি হ্ৰাস কৰি অৰ্থনৈতিকভাৱে দুৰ্বল কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ কয়।

উল্লেখ্যে যে, বিগত সময়চোৱাত আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। এই নতুন শুল্ক ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰে ২৫% শুল্ক জৰিমনা হিচাপে আৰোপ কৰা হৈছে। ট্ৰাম্পে কৈছে যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবেই ভাৰতৰ ওপৰত এই শাস্তি আৰোপ কৰা হৈছে। শুল্কৰ বাবে বাণিজ্যৰ দিশটোত যোৱা সময়চোৱাত ভাৰত-আমেৰিকাৰ মাজত যথেষ্ঠ উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰোপৰি বিভিন্ন ক্ষেত্ৰত ট্ৰাম্পে ভাৰতবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে।

কিন্তু আমেৰিকাৰ হেঁচাৰ পাছতো ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি কৰা বন্ধ কৰা নাই। ৰাছিয়া ভাৰতৰ পৰম্পৰাগত বন্ধু। তেনে স্থলত ভাৰতে বন্ধু ৰাষ্ট্ৰ আৰু ভাৰতৰ জনতাৰ স্বাৰ্থত তেল আমদানি কৰি আহিছে। যি এতিয়া ট্ৰাম্পৰ চিন্তাৰ অন্যতম কাৰণ হৈ পৰিছে।

উল্লেখ্য যে, বছৰ বছৰ ধৰি ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ চলি আছে। ইয়াৰ মাজতে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইনত হোৱা আক্ৰমণৰ পিছত পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ তেল ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰি ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।  ইয়াৰ পাছত ভাৰতে ৰাছিয়াৰ পৰা কম মূল্যত তেল আমদানি কৰা আৰম্ভ কৰিছিল। ভাৰতে কৈ আহিছে যে দেশৰ কৃষক বা পশুপালকসকলৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নহ’ব। যি সিদ্ধান্ত লোৱা হব ৰাষ্ট্ৰীয় স্বাৰ্থত লোৱা হ’ব। ইয়াৰ বিপৰীতে আমেৰিকাই অভিযোগ তুলিছে যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ভাৰতে যুদ্ধত সহায় কৰি আছে।

কি ক’লে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিয়ে

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ ৰখাবলৈ অহৰহ চেষ্টা কৰি আছে ট্ৰাম্পে। শেহতীয়াকৈ ভেন্সক সোধা হৈছিল যে, আমেৰিকাই নতুনকৈ ৰাছিয়াৰ ওপৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই। গতিকে পুটিন আৰু জেলেনস্কিক কেনেকৈ আলোচনাৰ মেজলৈ অনা হ’ব।

উত্তৰত তেওঁ কয় যে, ট্ৰাম্পে শুল্কৰ জৰিয়তে ৰাছিয়াক শান্তি আলোচনাৰ দিশে ঠেলি দিবলৈ চেষ্টা কৰিছে। যদি ৰাছিয়াই হত্যা বন্ধ কৰে তেন্তে তেওঁলোকক পুনৰ বিশ্ব অৰ্থনীতিত অন্তৰ্ভুক্ত কৰিব পৰা যাব। যদি এনে নহয় তেন্তে তেওঁলোক বিচ্ছিন্ন হৈ থাকিব।

আমেৰিকাক প্ৰত্যুত্তৰ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক ৰক্ষা কৰি কয় যে নতুন দিল্লীৰ তেল ক্ৰয় ৰাষ্ট্ৰীয় আৰু বিশ্ব দুয়োটা স্বাৰ্থত। তেওঁ কয় যে, এয়া হাস্যকৰ যে বাণিজ্য সমৰ্থক আমেৰিকা প্ৰশাসনৰ মানুহে আনক ব্যৱসায় কৰাৰ অভিযোগ উত্থাপন কৰিছে। যদি ভাৰতৰ পৰা তেল বা ৰিফাইন প্ৰডাক্ট কিনাত সমস্যা হয়, তেন্তে কিনিব নালাগে। কোনেও আপোনাক জোৰ কৰা নাই।

জয়শংকৰে কয় যে ২০২২ চনত যেতিয়া তেলৰ মূল্য বৃদ্ধি হৈছিল, তেতিয়া বিশ্বজুৰি উদ্বেগ বৃদ্ধি পাইছিল। সেই সময়ত কোৱা হৈছিল যে ভাৰতে যদি ৰাছিয়াৰ পৰা তেল কিনিব বিচাৰে তেন্তে কিনিব পাৰে। ইয়াৰ ফলত দাম সুস্থিৰ হ’ব। গতিকে বজাৰ সুস্থিৰ ৰাখিবলৈ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছো। এই সিদ্ধান্ত ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী উভয় স্বাৰ্থত।

 

অন্য খবৰ পঢ়কঃ শীঘ্ৰে ভাৰতলৈ আহিব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি! এই বিষয়ত হ’ব আলোচনা…