শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ব্যৱসায় বৃদ্ধি, গোচৰ মুক্ত…ক্ষমতাৰ পূৰ্ণ সুযোগ উঠাইছে ইউনুছে! হাছিনাৰ বাৰ্তাই লগাইছে চাঞ্চল্য

ইউনুছে ক্ষমতালৈ অহাৰ পিছত তেওঁৰ বিৰুদ্ধে থকা আৰ্থিক কেলেংকাৰী আৰু দুৰ্নীতিকে ধৰি কেইবাটাও গোচৰৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে বুলি দাবী কৰিছে হাছিনাই। আনহাতে এই সময়ছোৱাতে মুখ্য উপদেষ্টা ইউনুছৰ ব্যৱসায় অধিক বৃদ্ধি পোৱা বুলিও হাছিনাই দাবী কৰে।

ব্যৱসায় বৃদ্ধি, গোচৰ মুক্ত…ক্ষমতাৰ পূৰ্ণ সুযোগ উঠাইছে ইউনুছে! হাছিনাৰ বাৰ্তাই লগাইছে চাঞ্চল্য
ইউনুছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ হাছিনাৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 22 Sep 2025 13:57 PM

প্ৰবল গণ বিদ্ৰোহৰ পিছত বাংলাদেশত উৎখাত হৈছিল শ্বেখ হাছিনাৰ চৰকাৰ। ক্ষমতা হেৰুওৱাৰ পিছতে দেশ এৰি পলায়ন কৰিছিল হাছিনাই। বাহিৰত থাকিলেও অৱশ্যে হাছিনাই পাহৰিব পৰা নাই দেশক। সম্প্ৰতি দেশত থকা আৱামী লীগৰ কৰ্মী তথা সমৰ্থকৰ সৈতে শ্বেখ হাছিনাৰ সংযোগ স্থাপনৰ এটাই মাত্ৰ উপায়। সেয়া হৈছে অডিঅ’ বাৰ্তা। শনিবাৰে পুনৰ এক অডিঅ’ বাৰ্তাৰ জৰিয়তে সমৰ্থকৰ সৈতে যোগাযোগ কৰে হাছিনাই। বাংলাদেশৰ বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ বিৰুদ্ধে হাছিনাই কেইবাটাও অভিযোগ উত্থাপন কৰে।

শ্বেখ হাছিনাৰ স্পষ্ট মত, মহম্মদ ইউনুছৰ প্ৰকৃত মুখখন এতিয়া সকলোৱে দেখিছে। “ইউনুছে দেশলৈ শান্তি আনিব, ধনৰ প্ৰবাহ হ’ব, বিদেশী বিনিয়োগ হ’ব বুলি বহুলোকে ভাবিছিল। কিন্তু তেওঁৰ প্ৰকৃত মুখখন এতিয়া কেৱল বাংলাদেশতে নহয়, সমগ্ৰ বিশ্বৰ সন্মুখত উন্মোচিত হৈছে। তেওঁ এজন সন্ত্ৰাসবাদী। তেওঁ অবৈধভাৱে ক্ষমতা দখল কৰিছে।”- এই মন্তব্য কৰে হাছিনাই।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব লোৱাৰ পিছৰে পৰা ইউনুছ চৰকাৰে আৱামী লীগৰ নেতা-কৰ্মীৰ বিৰুদ্ধে নানা গোচৰ আৰোপ কৰি ৰাখিছে। ইয়াৰ সমান্তৰালকৈ ইউনুছে ক্ষমতালৈ অহাৰ পিছত তেওঁৰ বিৰুদ্ধে থকা আৰ্থিক কেলেংকাৰী আৰু দুৰ্নীতিকে ধৰি কেইবাটাও গোচৰৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে বুলি দাবী কৰিছে হাছিনাই।

আনহাতে এই সময়ছোৱাতে মুখ্য উপদেষ্টা ইউনুছৰ ব্যৱসায় অধিক বৃদ্ধি পোৱা বুলিও হাছিনাই দাবী কৰে। উল্লেখ্য যে বিগত এবছৰতকৈও অধিক সময় দেশৰ বাহিৰত আছে শ্বেখ হাছিনা। আন্দোলনৰ ফলশ্ৰুতিত হাছিনাৰ চৰকাৰৰ পতনৰ পিছত বাংলাদেশত নতুন অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয়। এই চৰকাৰৰ মুখ্য উপদেষ্টাৰ দায়িত্ব লয় মহম্মদ ইউনুছে।

ইয়াৰ পিছত আদালতত হাছিনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক দেশলৈ ঘূৰাই নিয়াৰ বাবে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। হাছিনাক বাংলাদেশৰ হাতত গতাই দিবলৈ নতুন দিল্লীলৈ কেইবাবাৰো বাৰ্তা প্ৰেৰণ কৰা হৈছে। বৰ্তমান বাংলাদেশ প্ৰশাসনে হাছিনাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ন্যায়াধিকৰণত গোচৰো ৰুজু কৰিছে।