শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ ৰখাৰ পৰিণতি! পাকিস্তানে হেৰুৱালে ১২৭ কোটি টকা…

ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰি পাকিস্তানে দুমাহত প্ৰায় ১২৭ কোটি টকা লোকচানৰ সন্মুখীন হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি ২০০ৰো অধিক বিমান ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে বৃদ্ধি পাইছে পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষৰ ৰাজহ। ইয়াৰ পূৰ্বেও একেধৰণৰ লোকচানৰ সন্মুখীন হোৱা পাকিস্তানৰ বাবে ই এক ব্যয়বহুল শিক্ষা হিচাপে প্ৰমাণিত হৈছে।

ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ ৰখাৰ পৰিণতি! পাকিস্তানে হেৰুৱালে ১২৭ কোটি টকা…
পাকিস্তানৰ আকাশমাৰ্গ বন্ধ
trishna-kalita
Trishna Kalita | Published: 10 Aug 2025 22:15 PM

ভাৰতৰ বাবে আকাশমাৰ্গ বন্ধ কৰাটো পাকিস্তানৰ বাবে ব্যয়বহুল হিচাপে প্ৰমাণিত হৈছে। প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰি দুমাহত ১২৭ কোটি টকা লোকচানৰ সন্মুখীন হৈছে পাকিস্তান। ২৩ এপ্ৰিলত ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লোৱাৰ পিছত পাকিস্তানে ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছিল।

তাৰ পিছতে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ বাবে পাকিস্তানে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। এই তথ্য প্ৰকাশ কৰিছে খোদ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে। পাকিস্তানৰ সংসদত কোৱা হৈছে যে আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে দৈনিক ১০০ৰো অধিক বিমান পৰিবহণ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ বাবে ২৪ এপ্ৰিলৰ পৰা ৩০ জুনৰ ভিতৰত পাকিস্তানে ৪.১০ বিলিয়ন পাকিস্তানী টকা (প্ৰায় ১২৭ কোটি ভাৰতীয় টকা) লোকচানৰ সন্মুখীন হৈছে।

পাকিস্তানৰ উপাৰ্জন বৃদ্ধি

আনহাতে আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে পাকিস্তানে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে যদিও পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষৰ উপাৰ্জন বৃদ্ধি পাইছে। লোকচানৰ পিছতো ২০১৯ চনত পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষৰ মুঠ ৰাজহ ২০১৯ চনত ৫০৮ হাজাৰ ডলাৰৰ পৰা ২০২৫ চনত ৭ লাখ ৬০ হাজাৰ ডলাৰলৈ বৃদ্ধি পাইছে। ২০১৯ চনত পাকিস্তানে পাৰ হৈ যোৱা বিমানবোৰৰ পৰা প্ৰতিদিনে ৪.২৪ কোটি টকা উপাৰ্জন কৰিছিল, যিটো ২০২৫ চনত ৬.৩৫ কোটি টকালৈ বৃদ্ধি পাইছে। এই কাৰণেই আকাশমাৰ্গ বন্ধ কৰাৰ পিছতো পাকিস্তানে লোকচানৰ সন্মুখীন হোৱা বুলি ভবা নাই।

ইয়াৰ পূৰ্বেও বৃহৎ লোকচানৰ সন্মুখীন হৈছিল

পাকিস্তানে কেইবাবাৰো নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে। পাকে ভাৰতৰ বাবে আকাশমাৰ্গ বন্ধ কৰা এইটোৱেই প্ৰথম নহয়। ২০১৯ চনতো পাকিস্তানে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছিল। সেই সময়ছোৱাত পাকিস্তানৰ লোকচান হৈছিল ৫৪ মিলিয়ন ডলাৰ। সেই সময়ত ভাৰত-পাকিস্তান সীমান্তত যথেষ্ট উত্তেজনা আছিল। যাৰ বাবে পাকিস্তানে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছিল।

ভাৰতীয় বিমানৰ বাবে এতিয়াও বন্ধ হৈ আছে আকাশমাৰ্গ

ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ পিছত সম্পৰ্কত যথেষ্ট তিক্ততা দেখা গৈছে। এই কাৰণেই ভাৰতে অপাৰেচন সেন্দূৰ আৰু সিন্ধু জল সন্ধিৰ জৰিয়তে পাকিস্তানক কঠোৰ শিক্ষা প্ৰদান কৰিছে। কিন্তু সংঘাত শেষ হোৱাৰ কেইমাহমানৰ পাছতো ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি ৰাখিছে পাকিস্তানে। জানিব পৰা মতে আগষ্ট মাহৰ শেষ সপ্তাহলৈকে আকাশমাৰ্গ বন্ধ থাকিব।