শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এছিয়া কাপত বিপদত পৰিব নেকি ভাৰত! সূৰ্য, আয়াৰ আৰু পাণ্ডিয়া সন্দৰ্ভত পোহৰলৈ আহিছে এনে খবৰ…

এছিয়া কাপক লৈ অনুৰাগীৰ মাজত ইতিমধ্যেই জল্পনা-কল্পনা আৰম্ভ হৈছে। তাৰ মাজতে পোহৰলৈ আহিছে এক বিশেষ খবৰ। এই খবৰে স্বাভাৱিকতেই এছিয়া কাপৰ বাবে অনুৰাগীসকলক অধিক উৎকণ্ঠিত কৰি তুলিছে।

এছিয়া কাপত বিপদত পৰিব নেকি ভাৰত! সূৰ্য, আয়াৰ আৰু পাণ্ডিয়া সন্দৰ্ভত পোহৰলৈ আহিছে এনে খবৰ…
সূৰ্য, পাণ্ডিয়া, আয়াৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেটImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 11 Aug 2025 11:32 AM

আগন্তুক এছিয়া কাপ প্ৰতিযোগিতালৈ মাজত আৰু কেইটামান দিন এই প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মাজত ইতিমধ্যেই আৰম্ভ হৈছে চৰ্চা বিশেষকৈ পাকিস্তানৰ সৈতে মেচক কেন্দ্ৰ কৰি এছিয়া কাপৰ চৰ্চা তুংগত উঠিছে ইফালে প্ৰতিযোগিতাখনৰ বাবে ঘোষণা বলগীয়া ভাৰতীয় দলটোত কোনে স্থান পাব পাৰে, সেই লৈয়ো অনুৰাগীৰ মাজত জল্পনাকল্পনা আৰম্ভ হৈছে তাৰ মাজতে পোহৰলৈ আহিছে এক বিশেষ খবৰ এই খবৰে স্বাভাৱিকতেই এছিয়া কাপৰ বাবে অনুৰাগীসকলক অধিক উৎকণ্ঠিত কৰি তুলিছে

এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণাৰ পূৰ্বে খেলুৱৈসকলৰ ফিটনেছৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে সেয়ে খিতাপ জয়ৰ ক্ষেত্ৰত যাতে কোনো বাধা আহি নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি খেলুৱৈসকলৰ ফিটনেছ টেষ্ট আৰম্ভ কৰা হৈছে এই ক্ষেত্ৰত ভাৰতৰ টি২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ লগতে হাৰ্দিক পাণ্ডিয়া, শ্ৰেয়স আয়াৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে।

বিগত বৰ্ষত ভাৰতৰ টি২০ বিশ্বকাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ ফিটনেছক লৈ প্ৰায়ে শংকাৰ সৃষ্টি হোৱা দেখা যায় এছিয়া কাপৰ বাবে পাণ্ডিয়া ফিট হয় নে নহয়, অহা ৪৮ ঘণ্টাৰ ভিতৰত সেই বিষয়ে জানিব পৰা যাব। ইতিমধ্যে ফিটনেছ টেষ্ট দিবলৈ বেংগালুৰুস্থিত এনচিএত উপস্থিত হৈছে হাৰ্দিক পাণ্ডিয়া

তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে নিজা সামাজিক মাধ্যম একাউণ্ট যোগে এই বিষয়ে প্ৰকাশ কৰিছে ইফালে দলৰ আন এগৰাকী তাৰকা শ্ৰেয়স আয়াৰৰ ফিটনেছ টেষ্ট ইতিমধ্যে সম্পন্ন হৈ যোৱা বুলি খবৰ প্ৰকাশ পাইছে আয়াৰ ফিটনেছ টেষ্টত উত্তীৰ্ণ হোৱা বুলিও নিশ্চিত তথ্য পোহৰলৈ আহিছে

তথ্য অনুসৰি যোৱা ২৭ৰ পৰা ২৯ জুলাইৰ ভিতৰত এনচিএত আয়াৰৰ ফিটনেছ পৰীক্ষা সম্পন্ন হৈছিল। উল্লেখ্য যে ২০২৩ চনতে শ্ৰেয়স আয়াৰে অন্তিমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। এতিয়া আগন্তুক এছিয়া কাপত তেওঁৰ প্ৰত্যাৱৰ্তনৰ পূৰ্ণ সম্ভাৱনা আছে। আয়াৰৰ প্ৰত্যাৱৰ্তন স্বাভাৱিকতেই ভাৰতীয় মিডল অৰ্ডাৰৰ বাবে এক অনন্য শক্তি

আফাতে ভাৰতৰ টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বিষয়ে পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ আপডেট এই খবৰ অনুসৰি, সূৰ্যকুমাৰ যাদৱ এতিয়াও সম্পূৰ্ণ ফিট হোৱা নাই। সুস্থ হৈ উঠিবলৈ যাদৱৰ কমেও এসপ্তাহ সময় লাগিব পাৰে বুলি প্ৰকাশ পাইছে। বিগত জুন মাহৰ আৰম্ভণিতে সূৰ্যকুমাৰ যাদৱৰ হাৰ্নিয়াৰ অপাৰেচন হৈছিল।

উল্লেখ্য যে অহা ৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত আৰম্ভ হ’ব এছিয়া কাপ। ২১ দিনীয়া এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল শীঘ্ৰে ঘোষণা কৰা পাৰে প্ৰতিযোগিতাত ১০ ছেপ্টেম্বৰত অভিযান আৰম্ভ কৰিব ভাৰতে ভাৰতে প্ৰথমখন মেচ ইউ ইৰ বিৰুদ্ধে খেলিব। সূচী অনুসৰি ১৪ ছেপ্টেম্বৰত পাকিস্তানৰ বিৰুদ্ধে আৰু ১৯ ছেপ্টেম্বৰত ওমানৰ বিৰুদ্ধে মেচ অনুষ্ঠিত হ’ব।