TV9 ASSAM
ছালৰ সমস্যাৰ বহু কাৰণ থাকিব পাৰে। টোপনি আৰু ছালৰ মাজত গভীৰ সম্পৰ্ক আছে। অৰ্থাৎ টোপনিৰ বাবেও হ’ব পাৰে ছালৰ সমস্যা।
পৰ্যাপ্ত পৰিমাণৰ টোপনিয়ে ছালৰ কোষ পুনৰ গঠনত সহায় কৰে। নিশা শুই থকাৰ সময়ত শৰীৰে স্বয়ংক্ৰিয়ভাৱে ছালৰ কোষ গঠন কৰে।
কলাজেনে ছালখন কোমল কৰি ৰাখে। পৰ্যাপ্ত পৰিমাণে টোপনি নহ’লে কলাজেন হ্ৰাস পায়। ফলত ছালত বলিৰেখা পৰে, বয়স বৃদ্ধিৰ লক্ষণে দেখা দিয়ে।
পৰ্যাপ্ত টোপনি নাপালে যিকোনো মানুহৰ চকু ফুলি উঠে। লগতে চকুৰ তলত ক’লা দাগ দেখা দিয়ে। এনে সমস্যাক ডাৰ্ক চাৰ্কল বোলা হয়।
কম টোপনিয়ে শৰীৰত ষ্ট্ৰেছ হৰম’ন বৃদ্ধি কৰে। ইয়াৰ ফলত ছালত ব্ৰণ, ফোহা, খজুৱতি আদি সমস্যা বৃদ্ধি পায়।
ভাল টোপনিয়ে ছালত ৰক্ত সঞ্চালন উন্নত কৰে। তেজৰ চলাচল ভাল হ’লে ছালৰ স্বাস্থ্য ভাল হয়। ছালখন উজ্জ্বল আৰু সজীৱ হৈ থাকে।
নিশা শুই থকাৰ সময়ত যকৃত আৰু বৃক্কই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়। ফলত ছাল পৰিষ্কাৰ হৈ পৰে। এইদৰে ছালখন সুস্থ হৈ থাকে।
সাধাৰণতে ১৮-২৫ বছৰ বয়সৰ লোকক ৭-৯ ঘণ্টা, ২৬-৪০ বছৰ বয়সত ৭-৮ ঘণ্টা, আৰু ৪০ বছৰৰ ওপৰৰ বয়স হ’লে ৬-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন।
পঢ়িবলৈ ক্লিক কৰক
নিমখ-হালধি একেলগে ৰখাটো শুভ নে অশুভ