শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা(স্বা)ৰ বিবৃতি, ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা নিষিদ্ধ সংগঠনটোৰ…

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা(স্বা)য়ে এক প্ৰেছ বিবৃতি জাৰি কৰে। য'ত তেওঁলোকে স্বাধীনতা দিৱসৰ বিৰোধিতা কৰাৰ লগতে ১৫ আগষ্টৰ দিনটোত সৰ্বাত্মক বন্ধ ঘোষণা কৰে।

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা(স্বা)ৰ বিবৃতি, ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা নিষিদ্ধ সংগঠনটোৰ…
আলফা (স্বা)
barasha-sarma
Barasha Sarma | Published: 11 Aug 2025 12:12 PM

সমাগত স্বাধীনতা দিৱস। তাৰ পূৰ্বেই আলফা (স্বা)য়ে জাৰি কৰিছে এক প্ৰেছ বিবৃতি। য’ত নিষিদ্ধ সংগঠনটোৱে স্বাধীনতা দিৱসৰ বিৰোধিতা কৰাৰ লগতে ১৫ আগষ্টৰ দিনা সৰ্বাত্মক বন্ধ ঘোষণা কৰে। সংগঠনটোৱে দাবী কৰে যে, দক্ষিণ পূৱ এছিয়া অঞ্চলৰ থলগিৰি জনগণক প্ৰতাৰণা, লাঞ্ছনা-বঞ্চনা, দমন-উৎপীড়নৰ বাহিৰে আন একোকেই দিয়া নাই। এই বিবৃতি এন এছ চি এন/জি পি আৰ এন আৰু আলফা (স্বা)য়ে যৌথভাৱে জাৰি কৰে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত আলফা (স্বা)য়ে লিখে যে, “ঔপনিৱেশিক ভাৰতে তথা-কথিত স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হোৱাৰ সময়তে পশ্চিমা দক্ষিণ পূৱ এছিয়া [WeSEA] অঞ্চলত পুনৰবাৰ জাপি দিব এনে এক স্বাধীনতা উদযাপনৰ বাবে যাৰ পশ্চিমা দক্ষিণ পূৱ এছিয়াৰ থলগিৰি জনগণৰ মাজত কোনো গুৰুত্ব নাই’।  কিয়নো পশ্চিমা দক্ষিণ পূৱ এছিয়া অঞ্চলৰ একো-একোটা জীয়া জাতিৰ ওপজা ভূমিত ঔপনিৱেশিক ৰাষ্ট্ৰৰ স্বাধীনতাৰ ন্যার্যতা কেতিয়াও গ্রাহ্য হ’ব নোৱাৰে বুলি কয় সংগঠনটোয়ে।

লগতে কয়, এই দিনটোৱে  পশ্চিমা দক্ষিণ পূৱ এছিয়া অঞ্চলৰ থলগিৰি জনগণক প্ৰতাৰণা, লাঞ্ছনা-বঞ্চনা, দমন-উৎপীড়ন দি আহিছে। তাৰ বাহিৰে একো  দিয়া নাই। ব্ৰিটিছৰ দৰে ৭৯ বছৰ ধৰি আতিশষ্য অটুত আছে বুলি দাবী কৰে  সংগঠনটোয়ে।

লগতে কয়, ”এই দিনটো ভাৰতীয় দখলদাৰী শক্তিৰ অদম্য নিষ্ঠুৰতাৰ এক বেদনাদায়ক সোঁৱৰণীৰ দিন, যিয়ে পশ্চিমা দক্ষিণ পূৱ এছিয়া অঞ্চলৰ জনসাধাৰণৰ বিৰুদ্ধে অনীতিৰে সামৰিক শক্তি প্রয়োগ কৰি যুদ্ধ অব্যাহত ৰাখিছে, অকথিত যন্ত্রণা আৰু দুখ-কষ্টৰ সৃষ্টি কৰি আহিছে। এনে নিষ্ঠুৰতাৰ বিৰুদ্ধে পশ্চিমা দক্ষিণ পূৱ এছিয়া অঞ্চলৰ জাতিসমূহৰ আত্মৰক্ষাৰ অধিকাৰক ঔপনিৱেশিক ৰাষ্ট্ৰ ভাৰতে নিজৰ স্বাৰ্থ তথা সম্পদ লুণ্ঠনৰ বাবে প্ৰকৃত গণতন্ত্রক ভূলুণ্ঠিত কৰি এই অঞ্চলৰ স্বাধীনতাকামী জনগণক, সন্ত্রাসবাদব বার্থ প্রলেপ দিব বিচাৰিলেও পশ্চিমা দক্ষিণ পূৱ এছিয়াৰ বুৰঞ্জী জনা বিশ্ববাসীয়ে সেয়া নস্যাৎ কৰি আহিছে। বৰং স্বাধীনতাৰ মৰ্ম্মার্থ বুজিপোৱা বিশ্বসমুদায়ৰ সেই নৈতিক সমর্থনে আমাক আমাৰ সংকল্প পূৰ্বতকৈ অধিক শক্তিশালী কৰিবলৈ উৎসাহিত কৰি আহিছে”।

সাৰ্বভৌম স্বাধীনতাৰ বিৰুদ্ধে পুনৰ বিৰোধিতা কৰি কয় যে, ঔপনিৱেশিকতাবাদৰ পৰা মুক্ত কৰিবলৈ  বহুতে নিজৰ ত্যাগ দিছে। গতিকে সার্বভৌম স্বাধীনতা ভাৰতীয়ৰ হাতত তুলি দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে।

স্বাধীনতা দিৱসৰ দিনটো ক’লা দিৱস বুলি অভিহিত কৰি কয় যে, পৰাধীনতাৰ দাসত্ব বহন কৰা আজিৰ এই ক’লা দিনটোত আমি প্ৰতিগৰাকী মুক্তিকামী জনগণে পণ লোৱা উচিত যে ওপজা মাটিক ভালপোৱা শেষৰগৰাকী মুক্তিকামী ব্যক্তি জীয়াই থকালৈকে আমি কেতিয়াও স্বাধীনতাৰ সন্ধান এৰি নিদিওঁ। ইয়াৰোপৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচী পৰিহাৰ কৰিবলৈ সকলোকে আহ্বান জনাই সংগঠনটোয়ে।

ইয়াৰোপৰি ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা কৰি সংগঠনটোৱে কয় যে,” ভুৱা স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আৰু আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম হ’ব ১৫ আগষ্টৰ 00:00 বজাৰ পৰা ১৮:০০ বজালৈ সর্বাত্মক বন্ধ। অৱশ্যে এই সময়ছোৱাত স্বাস্থ্য সেৱাৰ দৰে জৰুৰীকালীন বিভাগ, সংবাদ মাধ্যম আৰু ধর্মীয় কাম-কাজ বাহাল থকাত কোনো বাধা নিষেধ প্রদান কৰা হোৱা নাই”।

 

(প্ৰেছ বিবৃতি)

 

অন্য খবৰ পঢ়কঃ ভাৰতক সমৰ্থন চীনৰ! ট্ৰাম্পৰ বিৰুদ্ধে ক্ষুব্ধ হৈ কৰিলে ডাঙৰ মন্তব্য…