ডিব্ৰুগড়ৰ চাহ বাগিচাত নাবালিকাৰ সৈতে জঘন্য কাণ্ড! হত্যা কৰি নলাত পেলাই দিলে…
ডিব্ৰুগড় জিলাত এজন পাষণ্ডই ধৰ্ষণ কৰিলে এগৰাকী নাবালিকাক। কেৱল ইমানেই নহয় নাবালিকাগৰাকীক হত্যাৰ অভিযোগ উত্থাপন হৈছে লোকজনৰ বিৰুদ্ধে। এই ঘটনাক লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন সন্দেহজনক ব্যক্তিক। ডিব্ৰুগড় জিলাৰ এখন সৰু চাহ বাগিচাত সংঘটিত হৈছে এই জঘন্য ঘটনা ।

ৰাজ্যত অপৰাধে অতিক্ৰম কৰিছে চৰম সীমা। আইনক ভেঙুচালি কৰি কি চহৰ, কি গাঁও সকলোতে মুকলিকৈ ঘূৰি ফুৰিছে অপৰাধী। যাৰ বাবে নিতৌ সংঘটিত হৈছে আহিছে জঘন্য অপৰাধমূলক ঘটনা। এইবাৰ ডিব্ৰুগড়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। যিটো কাহিনী শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ।
ডিব্ৰুগড় জিলাত এজন পাষণ্ডই ধৰ্ষণ কৰিলে এগৰাকী নাবালিকাক। কেৱল ইমানেই নহয় নাবালিকাগৰাকীক হত্যাৰ অভিযোগ উত্থাপন হৈছে লোকজনৰ বিৰুদ্ধে। এই ঘটনাক লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন সন্দেহজনক ব্যক্তিক। ডিব্ৰুগড় জিলাৰ এখন সৰু চাহ বাগিচাত সংঘটিত হৈছে এই জঘন্য ঘটনা ।
আৰক্ষীয়ে জনোৱা মতে ৯ আগষ্ট, দেওবাৰে নামৰূপ থানা এলেকাৰ কছাৰী পথাৰত এই ঘটনা সংঘটিত কৰে পাষণ্ড ব্যক্তিজনে। নাবালিকাগৰাকীয়ে জংঘলত খৰি সংগ্ৰহ কৰিবলৈ গৈ ঘটনা সংঘটিত হয়। এজন বিষয়াই কয় যে, “অভিযুক্তই ওচৰতে মাছ ধৰি আছিল তেতিয়া তেওঁ ছোৱালীজনীক অকলে থকা দেখিছিল। তেওঁ ধৰ্ষণ কৰি হত্যা কৰিছিল বুলি অভিযোগ উত্থাপন কৰা।” নাবালিকাগৰাকীক শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ সন্দেহ । ইয়াৰ পিছত অভিযুক্তই মৃতদেহটো নলাত লুকুৱাই ৰাখি ঘাঁহৰে ঢাকি ৰাখে বুলিও কয় বিষয়াগৰাকীয়ে।
তেওঁ লগতে কয়, “যেতিয়া ছোৱালীজনী ঘৰলৈ উভতি নাহিল, তেতিয়া ওচৰ-চুবুৰীয়াৰ সৈতে পিতৃ-মাতৃয়ে তেওঁক বিচাৰিবলৈ আৰম্ভ কৰে। পিছত তেওঁলোকেও আৰক্ষীক খবৰ দিয়ে। অভিযানৰ অন্তত নিশা প্ৰায় ৮.৪০ বজাত নাবালিকাগৰাকীৰ মৃতদেহটো উদ্ধাৰ হয়।” ইফালে ঘটনাস্থলীৰ পৰা পলাবলৈ লওতেই অভিযুক্তক ধৰি আৰক্ষীক গতাই দিয়ে স্থানীয় লোকে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তজনে নিজৰ মাতৃক হত্যা কৰি ১৪ বছৰ কাৰাদণ্ড ভুগিছিল। তিনি বছৰ পূৰ্বে কাৰাগাৰাৰ পৰা মুকলি কৰি দিয়া হৈছিল অভিযুক্তক। ঘটনা সন্দৰ্ভত নামৰূপৰ ডিএছপি প্ৰসেনজিৎ দাসে কয়, “তেওঁ আমাৰ জিম্মাত আছে। POCSO আইন আৰু বিএনএছৰ অন্যান্য প্ৰাসংগিক ধাৰাত ৰুজু কৰা হৈছে গোচৰ।”