ঘৰৰ পৰা দূৰ কৰক এইবোৰ সামগ্ৰী...

11 AUG 2025

Credits: Pinterest

TV9 ASSAM

বাস্তু শাস্ত্ৰত বহু কথা উল্লেখ আছে যিবোৰ ঘৰত ৰাখিলে মানুহক দৰিদ্ৰ কৰি তুলিব পাৰে।

বাস্তু শাস্ত্ৰ

যিমানেই টকা নাথাকক কিয়, ঘৰত কিছুমান বস্তু ৰাখিলে সেই মানুহজন দৰিদ্ৰ হৈ পৰিব পাৰে। কি কি বস্তু ঘৰত ৰাখিব নালাগে জানি লওক।

দৰিদ্ৰ

যদি ঘৰৰ প্ৰৱেশদ্বাৰ সম্পূৰ্ণ বন্ধ হৈ থাকে, তেন্তে সেই ব্যক্তিজন আৰ্থিকভাৱে দুৰ্বল হৈ পৰে। ঘৰত এটা সৰু ফুটা ৰাখিব লাগে যাতে বাহিৰৰ পৰা পোহৰ ঘৰত সোমাব পাৰে।

প্ৰৱেশদ্বাৰ

ভঙা আইনা ঘৰত ৰখাটো কেতিয়াও শুভ নহয়। ভঙা আইনা দুৰ্ভাগ্যৰ কাৰণ। বিশেষকৈ উত্তৰ আৰু পূব দিশত ভঙা দাপোন থাকিলে তাৰ ঠাইত নতুন দাপোন লগাব লাগে।

ভঙা আইনা

কাঁইটীয়া গছ কোনো ঘৰতে ৰাখিব নালাগে। কাৰণ এইবোৰে কাজিয়াৰ সৃষ্টি কৰিব পাৰে। যদি কোনোবাই এই গছজোপা ঘৰত ৰাখে, তেন্তে তৎক্ষণাত আঁতৰাই পেলাব লাগে।

কেকটাছ

বাস্তু শাস্ত্ৰৰ মতে, টেপ বন্ধ কৰাৰ পিছতো যদি পানী পৰি থাকে তেন্তে ই আৰ্থিক সমস্যাৰ ইংগিত দিয়ে। যদি এনেকুৱা হয় তেন্তে এনে সমস্যাবোৰ দূৰ কৰিবলৈ চকু ৰাখিব লাগে।

টেপৰ পানী পৰা

ভুলতে যুদ্ধ, শোক, কান্দি থকা ফটো ঘৰত নাৰাখিব। পুৰণি আৰু ফটা কেলেণ্ডাৰ ঘৰত নাৰাখিব। ইয়াৰ ফলত পৰিয়ালত অশান্তিৰ সৃষ্টি হ’ব।

ফটো আৰু কেলেণ্ডাৰ

অতি পুৰণি, জীৰ্ণ, ভঙা আচবাব ঘৰত নাৰাখিব। (বি:দ্ৰ: এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ বাস্তু শাস্ত্ৰৰ পৰা পোৱা তথ্য। এই ক্ষেত্ৰত TV9 Assamৰ কোনো দায়িত্ব নাই।

ভঙা বস্তু

চাবলৈ ক্লিক কৰক 

ঘৰত কাঁচৰ বস্তু ভঙাটো কিহৰ সংকেত?