Operation Sindoor: অপাৰেশ্যন সেন্দূৰৰ পাছতে অমৃতসৰক উদ্দেশ্যি পাকিস্তানৰ মিছাইল নিক্ষেপ…
Operation Sindoor: অপাৰেশ্যন সেন্দূৰৰ পাছতে ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনা তীব্ৰগতিত বৃদ্ধি পাইছে। ইয়াৰ মাজতে খবৰ আহিছে যে পাকিস্তানে অমৃতসৰত মিছাইল নিক্ষেপ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত কাৰো একো ক্ষতি হোৱাৰ তথ্য আহি পৰা নাই ।

অপাৰেশ্যন সেন্দূৰ (Operation Sindoor) ৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধৰ আশংকা তীব্ৰগতিত বৃদ্ধি পাইছে। বিশেষকৈ ভাৰতে লোৱা সিদ্ধান্তৰ পাছত পাকিস্তান ক্ষোভিত হৈ পৰিছে। চুবুৰীয়া ৰাষ্ট্ৰখনে একেৰাহে সীমান্তত গুলীচালনা কৰি আছে। পাকিস্তানৰ এনে আক্ৰমণৰ ফলত ১৫ জন সাধাৰণ ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱাৰ লগতে এজন সেনা জোৱান শ্বহীদ হোৱাৰ খবৰ আহি পৰিছে। অৱশ্যে পাকিস্তানৰ কু-কৰ্মৰ প্ৰত্যুত্তৰ দি গৈছে ভাৰতীয় সেনাই। এই সকলোবোৰৰ মাজতে বুধবাৰে পাকিস্তানৰ আন এক ষড়যন্ত্ৰ পোহৰলৈ আহে।
তথ্য অনুসৰি, কালি পঞ্জাৱৰ অমৃতসৰৰ ৪ খন গাঁৱত পাকিস্তানী মিছাইলৰ টুকুৰা পোৱা যায়। ইতিমধ্যে এই টুকুৰা কেইটা আৰক্ষীয়ে উদ্ধাৰ কৰিছে। বুধবাৰে নিশা জেঠুবালা, পান্ধেৰ খুৰদ, মাখানৱিন্দি আৰু দুধলা গাঁৱত বিস্ফোৰণৰ শব্দ শুনা যায় আৰু তাৰ পাছতে পাকিস্তানী ক্ষেপনাস্ত্ৰৰ টুকুৰা উদ্ধাৰ হয়। ইয়াৰ লগতে সেই স্থানৰ পৰা আন কিছুমান জ্বলা অংশও উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে। লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় সেনাত অৱগত কৰিছে। পৰৱৰ্তী সময়ত সেনাই তদন্তৰ বাবে অৱশিষ্টসমূহ লৈ যায়। অমৃতসৰক লক্ষ্য কৰি পাকিস্তানে নিক্ষেপ কৰা এই ৰকেট আৰু ক্ষেপণাস্ত্ৰসমূহ সম্ভৱতঃ ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই আকাশত নিষ্ক্ৰিয় কৰি পেলায়। যাৰ বাবে ইয়াৰ অৱশিষ্ট তলত পৰি লয়। অৱশ্যে সেনাৰ তদন্তৰ পাছতহে ইয়াৰ বিষয়ে সবিশেষ জানিব পৰা যাব। প্ৰশাসনে এই ক্ষেত্ৰত উৰা বাতৰিৰ পৰা জনতাক আঁতৰি থকাৰ আহ্বান জনায়।
উল্লেখ কৰা প্ৰয়োজন যে,অমৃতসৰত মক ড্ৰিল চলি থকাৰ মাজতে পাকিস্তানে এই কাৰ্য সংঘটিত কৰিছে। ইয়াৰ পাছতে চহৰখনৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হয়। ঘটনাৰ পাছতে অমৃতসৰৰ জনসংযোগ বিষয়াই বাৰ্তা জাৰি কৰি মানুহক আতংকিত নহ’বলৈ আহ্বান জনাই ব্লেক আউট জাৰি কৰে। প্ৰশাসনে মোবাইল আৰু লাইট কৰি থবও আহ্বান জনাই জনতাক।
ইয়াৰ বিপৰীতে সীমান্তত অবিৰতভাবে পাকিস্তানে গুলীচালনা কৰি আছে। বৰ্তমান পৰ্যন্ত ১৫ ভাৰতীয়ৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৫৯ জন আহত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি আহতসকলৰ ভিতৰত ৪৪ জন পুঞ্চ জিলাৰ। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, ৬-৭ মে’ৰ মাজনিশা ভাৰতীয় সেনাই অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে পাকিস্তানৰ ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বং কৰিছিল। ইয়াৰ ভিতৰত লস্কৰ-ই-তৈবা, জইছ-ই-মহম্মদ আদি সন্ত্ৰাসবাদী সংগঠনৰ সদস্যও আছিল বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছতে পাকিস্তান জ্বলি আছে। পাকিস্তানে অহৰহ ভাৰতক ভাবুকি দি আহিছে যে ভাৰতে ইয়াৰ মূল্য ভৰিব লাগিব।
অন্য খবৰ পঢ়কঃ Operation Sindoor: নিশা আমি শুই আছিলো, তেতিয়া এটা ড্ৰ’ন…পাকিস্তানী যুৱকে দিলে ভাৰতৰ আক্ৰমণৰ বৰ্ণনা…
অন্য খবৰ পঢ়কঃ Operation Sindoor: অক্ষৰধামৰ পৰা পহলগামলৈ…সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৩৫০তকৈ অধিক ভাৰতীয়, শ্বহীদ ৬০০ জোৱান…