শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰথমে গুলীয়াগুলী পাছত বিস্ফোৰণ! পাকিস্তানৰ অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত ভয়ংকৰ আক্ৰমণ…

পাকিস্তানত সংঘটিত হৈছে ভয়ংকৰ আত্মঘাতী আক্ৰমণৰ ঘটনা। এই ঘটনাত এতিয়ালৈকে ৩ জন জোৱান নিহত আৰু ৩ জন আক্ৰমণকাৰী আহত হয়। অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত এই আক্ৰমণ হয়।

প্ৰথমে গুলীয়াগুলী পাছত বিস্ফোৰণ! পাকিস্তানৰ অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত ভয়ংকৰ আক্ৰমণ…
পাকিস্তানত আক্ৰমণ
barasha-sarma
Barasha Sarma | Published: 24 Nov 2025 12:02 PM

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ পৰা পোহৰলৈ আহিছে এক ডাঙৰ খবৰ।সোমবাৰে পাকিস্তানৰ অৰ্ধসামৰিক বাহিনী মুখ্য কাৰ্যালয়ত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, উত্তৰ-পশ্চিম পাকিস্তানৰ পেছাৱাৰ চহৰৰ অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত একাংশ বন্দুকধাৰীয়ে আক্ৰমণ কৰে। সংবাদ সংস্থা ৰয়টাৰ্ছে প্ৰকাশ কৰা তথ্য অনুসৰি, এই অঞ্চলটো ফ্ৰন্টিয়াৰ কনষ্টেবুলৰী অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়, য’ত দুটাকৈ আত্মঘাতী বোমা বিস্ফোৰণো সংঘটিত হয়।

এই আক্ৰমণৰ পাছতে অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে। এই অভিযানত তিনিজন আক্ৰমণকাৰী নিহত হয় আৰু ৩ জন জোৱানো শ্বহীদ হয়। এই সমগ্ৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কেনেকৈ আক্ৰমণ হয়

জানিব পৰা মতে, প্ৰথমে আত্মঘাতী বোমাৰুৱে কনষ্টেবুলৰীৰ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত আক্ৰমণ চলায়, পাছত দ্বিতীয়জন সন্ত্ৰাসবাদীয়ে চৌহদত প্ৰৱেশ কৰে। এটা বিস্ফোৰণ মুখ্য দুৱাৰত আৰু আনটো মটৰ চাইকেল ষ্টণ্ডত হয়। ইয়াৰ লগে লগে সেনা-আৰক্ষীকে ধৰি আইন-শৃংখলা কৰ্মীয়ে অঞ্চলটো ঘেৰি ধৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে।

সন্দেহ কৰা হৈছে, মুখ্য কাৰ্যালয়ৰ ভিতৰত এতিয়াও কিছুমান সন্ত্ৰাসবাদী আছে। পাছত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলী হয়, য’ত ৩ আক্ৰমণকাৰী আৰু ৩ জন জোৱান নিহত হয়। এই ঘটনাৰ লগে লগে অঞ্চলটোৰ যাতায়ত বন্ধ কৰি দিয়া হৈছে। বৰ্তমান সেনা-নিৰাপত্তাৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ মাজত আছে অঞ্চলটো। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, এয়াই প্ৰথম নহয়। পাকিস্তানত প্ৰায়ে এনে ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ থাকে। পাকিস্তান আৰু বেলুচিস্তান আৰ্মীৰ মাজত দীৰ্ঘদিনীয়া বিদ্ৰোহ চলি আছে। ২০২৪ চনৰ পৰা এতিয়ালৈকে এই বিদ্ৰোহত প্ৰায় ৭০০ ৰো অধিক লোকৰ মৃত্যুৰ হৈছে। যোৱা মাৰ্চ মাহত বেলুত আৰ্মীয়ে এখন ৰে’ল অপহৰণ কৰি ছুটীত থকা সৈনিকক হত্যা কৰিছিল। অৱশ্যে আজিৰ এই আক্ৰমণ কোনে সংঘটিত কৰিলে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা।

 

অন্য খবৰ পঢ়কঃ ভগৱানে মাতি আছে… সহিব নোৱাৰিলে ডাঙৰ কন্যাৰ মৃত্যুৰ খবৰ, শেষ হৈ গ’ল এটা পৰিয়াল…