প্ৰতিদিনে এটাকৈ ইলাচি খালে কি হয় জানেনে?

23   Nov 2025

TV9 ASSAM

প্ৰায় সকলোৰে পাকঘৰত ইলাচি মচলা হিচাপে ব্যৱহাৰ কৰা হয়। চাহৰ পৰা আৰম্ভ কৰি খাদ্য বনোৱালৈ, সকলোতে ইলাচিয়ে সোৱাদ বৃদ্ধি কৰে।

ইলাচি

পিছে ইলাচিৰ বহু ঔষধি গুণো আছে। প্ৰতিদিনে যদি আপুনি এটাকৈ অন্তত ইলাচি খাই তেন্তে ইয়াৰ বহু সুফল লাভ কৰিব। ই স্বাস্থ্যৰ বাবে উপকাৰী।

গুণ

ইলাচিয়ে পাচনতন্ত্ৰ ভাল কৰে। যিসকল লোকৰ এচিডিটিৰ সমস্যা থাকে সেইসকলে প্ৰতিদিনে এটাকৈ সেউজীয়া ইলাচি চোবাই থাকিব পাৰে। ইয়াৰ পৰা পাচনতন্ত্ৰ ভাল হ'ব।

পাচনতন্ত্ৰ

মুখৰ স্বাস্থ্যৰ বাবেও ইলাচি ভাল। ই মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায়কৰে। ইয়াত এন্টিবেক্টেৰিয়েল গুণ থাকে। ই মুখৰ পৰা বেয়া বীজানুবোৰ নষ্ট কৰি মুখৰ দুৰ্গন্ধ কম কৰে।

মুখৰ দুৰ্গন্ধ

ইলাচিত পটেছিয়াম, মেচনেচিয়াম, ফাইবাৰ, কেলচিয়াম আদি থাকে। যিয়ে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰিলে ইলাচি খাব পাৰে।

ওজন নিয়ন্ত্ৰণ

যিসকল লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে সেইসকলৰ বাবে ইলাচি উপকাৰী। এয়া খালে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত থাকে। কিয়নো ইয়াত পটেছিয়াম থাকে।

উচ্চ ৰক্তচাপ

ইয়াৰোপৰি ইলাচিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত,শ্বাস-প্ৰশ্বাসৰ স্বাস্থ্য, তেজত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা আদি বিভিন্ন দিশত ফলপ্ৰসূ।

আৰু কি কি

পঢ়িবলৈ ক্লিক কৰক

ঘিউৰ উপকাৰিতা