TV9 ASSAM
বহু লোকে বিশেষকৈ পুৱাৰ সময়ছোৱাত হাৰ্ট এটেকত আক্ৰান্ত হোৱা নিশ্চয় আপুনিও লক্ষ্য কৰিছে। ইয়াৰ আঁৰত আছে কিছু বিশেষ কাৰণ। জানো আহক।
পুৱাৰ সময়ত সাধাৰণতে হৃদস্পন্দন দ্ৰুত হৈ পৰে আৰু ধমনীবোৰ সংকীৰ্ণ হৈ পৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত চাপ পৰে আৰু হাৰ্ট এটেক হয়।
পুৱা শুই উঠাৰ পিছত আমাৰ ৰক্তচাপ কিছু বৃদ্ধি পায়। হঠাৎ এইদৰে ৰক্তচাপ বাঢ়িলে হৃদযন্ত্ৰৰ ওপৰত পৰা হেঁচাই ধমনীবোৰ বন্ধ কৰি দিব পাৰে আৰু হাৰ্ট এটেক হ’ব পাৰে।
নিশা শুই থকাৰ বাবে তেজত অক্সিজেনৰ মাত্ৰা কমি যায়। ফলত হৃদযন্ত্ৰলৈ অক্সিজেন যোগানত অসুবিধাৰ সৃষ্টি হয় আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।
টোপনিৰ অভাৱৰ বাবে শৰীৰে নিজকে মেৰামতি কৰিবলৈ পৰ্যাপ্ত সময় নাপায় বাবে হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে। ফলত বিশেষকৈ পুৱা হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
বহুলোকে মানসিক চাপ আৰু অন্যান্য কাৰণত প্ৰায়ে পুৱাৰ সময়ত উদ্বেগ অনুভৱ কৰে। এই উদ্বেগে ৰক্তচাপ আৰু হৃদস্পন্দন বৃদ্ধি কৰি হাৰ্ট এটেকৰ সম্ভাৱনা বঢ়ায়।
পঢ়িবলৈ ক্লিক কৰক
এই ৭টা লক্ষণ হ'ব পাৰে জিভাৰ কেঞ্চাৰৰ সংকেত