ভগৱানে মাতি আছে… সহিব নোৱাৰিলে ডাঙৰ কন্যাৰ মৃত্যুৰ খবৰ, শেষ হৈ গ’ল এটা পৰিয়াল…
অতি মৰ্মান্তিকভাৱে শেষ হৈ গ'ল এটি পৰিয়াল। জানিব পৰা মতে, কিছুদিন পূৰ্বে পৰিয়ালটোৰ কন্যা এগৰাকীৰ মৃত্যু হৈছিল। কিন্তু এই কথা সহিব পৰা নাছিল পৰিয়ালৰ লোকে। যাৰ বাবে তেওঁলোকে গ্ৰহণ কৰে এক ডাঙৰ সিদ্ধান্ত।
পুনৰ পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা। শেষ হৈ গ’ল এটি পৰিয়াল! জানিব পৰা মতে, এটা পৰিয়ালৰ আটাইকেইজন সদস্যই জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰে। কিছুদিন পূৰ্বে তেওঁলোকৰ ডাঙৰ কন্যাৰ মৃত্যু হৈছিল, কিন্তু সেই কথা সহ্য কৰিব পৰা নাছিল পৰিয়ালটোয়ে। ইয়াৰোপৰি পৰিয়ালটোৱে আৰ্থিক সংকটৰো সন্মুখীন হৈ আছিল। এনে অৱস্থাত ‘ইশ্বৰে মাতি আছে’ বুলি অন্ধবিশ্বাসৰ কবলত পৰি আটাইয়ে চৰম পন্থা গ্ৰহণ কৰে। এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ আম্বাৰপেটৰ মল্লিকাৰ্জুন নগৰত।
জানিব পৰা মতে, শ্ৰীনিবাস, তেওঁৰ পত্নী আৰু ১০ বছৰীয়া কন্যাই একেলগে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। কিছুদিন পূৰ্বে শ্ৰীনিবাসৰ ডাঙৰ কন্যাৰ মৃত্যু হৈছিল। এই কথাত ভাগি পৰিছিল পৰিয়ালটো। ইয়াৰোপৰি পৰিয়ালটোৱে কেইবাদিনো ধৰি আৰ্থিক সমস্যাৰ সন্মুখীন হৈ আছিল। যাৰ বাবে সম্ভৱতঃ আটাইয়ে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে।
শেষ হৈ গ’ল পৰিয়াল
স্থানীয় লোকে জনাই যে, তেওঁলোকৰ ডাঙৰ কন্যা কেইবাদিনো ধৰি স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল। যাৰ বাবে তেওঁ জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই কথাই অতি দুখিত কৰিছিল পৰিয়ালটোক। ইয়াৰ পাছতে শ্ৰীনিবাস আৰু পত্নীয়ে স্থানীয় লোকক ক’বলৈ আৰম্ভ কৰে যে, তেওঁলোকৰ ছোৱালী আৰু নাই। তেওঁলোককো ভগৱানে মাতিছে। ইয়াৰ পাছতে তেওঁলোকে চৰম সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰায় দুদিন ধৰি তেওঁলোক ঘৰৰ পৰা ওলোৱা নাছিল। যাৰ বাবে স্থানীয় মানুহৰ সন্দেহ হৈ যোৱা শনিবাৰে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে। কিন্তু তেতিয়াই আচৰিত হৈ পৰে সকলো, কিয়নো ঘৰৰ ভিতৰত পৰি আছিল পিতৃ,মাতৃ আৰু সৰু কন্যাৰ মৃতদেহ। শ্ৰীনিবাসে মূল প্ৰৱেশদ্বাৰৰ ভেন্টিলেটৰত আনহাতে পত্নী-কন্যাই নিজৰ কোঠাত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল।
লগে লগে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। আৰক্ষী উপস্থিত হৈ মৃতদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন নোট উদ্ধাৰ কৰে। যত লিখা আছে যে তেওঁলোক ডাঙৰ কন্যাৰ ওচৰলৈ গৈ আছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ লৈছিল দালালৰ সহায়, পাৰ কৰিছিল তিনি ৰাজ্যৰ সীমান্ত! পুনৰ গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক…