TV9 ASSAM
অধিকাংশ লোকৰে সাধাৰণতে পুৱা-গধূলি চাহত চুমুক দিয়াৰ অভ্যাস আছে। চাহৰ প্ৰতি বিশেষ নিচা থকা লোকসকলে অৱশ্যে দিনটো কেইবাকাপো চাহ খায়।
পিছে চাহৰ নিচা দেহৰ বাবে সমস্যা হৈ পৰিব পাৰে। বিশেষকৈ চাহত অক্সালেট থাকে, যি বৃক্কত পাথৰ গঠনত প্ৰভাৱ পেলাব পাৰে। সেয়ে আমি সচেতন হোৱা প্ৰয়োজন।
আটাইতকৈ সাধাৰণ ধৰণৰ পাথৰ সৃষ্টি হয় কেলচিয়াম অক্সালেটৰ বাবে। ইয়াৰ ফলত প্ৰস্ৰাৱৰ নলীত কেলচিয়াম আৰু অক্সালেটৰ সংমিশ্ৰণ ঘটে।
অত্যধিক গাখীৰ চাহ খালে সেয়ে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। সেয়ে চাহ সেৱনৰ অভ্যাস সীমিত কৰক আৰু ইয়াৰ পৰিৱৰ্তে গ্ৰীণ টি গ্ৰহণ কৰক।
বৃক্কত যাতে পাথৰ গঠন নহয়, তাৰ বাবে যথেষ্ট পৰিমাণৰ পানী বা আন উপকাৰী পানীয় খাব লাগে। ই প্ৰস্ৰাৱ পাতল কৰাত সহায় কৰে আৰু পাথৰ সৃষ্টি কৰিব পৰা পদাৰ্থৰ ঘনত্ব হ্ৰাস কৰে।
লাল চাহ বা গাখীৰ চাহতকৈ গ্ৰীণ টি দেহৰ বাবে কিছু নিৰাপদ। সেয়ে আপোনাৰ প্ৰিয় হ’লেও এই দুবিধ চাহতকৈ গ্ৰীণ টি খোৱাই আপোনাৰ বাবে উচিত হ’ব।
পঢ়িবলৈ ক্লিক কৰক
হাৰ্ট এটেকৰ সম্ভাৱনা পুৱাৰ সময়ত কিয় অধিক হয়!