শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আলফা স্বাধীনৰ সৈতে কেতিয়া হ’ব আলোচনা? মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা

দেওবাৰে আলফা স্বাধীনৰ এগৰাকী শীৰ্ষ কেডাৰ অৰুণোদয় দহোটীয়াৰ আত্মসমৰ্পণৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে শান্তি আলোচনা সন্দৰ্ভত মত প্ৰকাশ কৰে। বিগত কেইবাবছৰ ধৰি ৰাজ্যৰ ৰাজনীতিত সময়ে সময়ে আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ প্ৰসঙ্গ চৰ্চালৈ আহিছে। সেয়ে মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্যই যথেষ্ট গুৰুত্ব বহন কৰিছে।

আলফা স্বাধীনৰ সৈতে কেতিয়া হ’ব আলোচনা? মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা
হিমন্ত বিশ্ব শৰ্মাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 24 Nov 2025 12:24 PM

বিগত কেইবাবছৰ ধৰি ৰাজ্যৰ ৰাজনীতিত সময়ে সময়ে আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ প্ৰসঙ্গ চৰ্চালৈ আহিছে। পিছে এই শান্তি আলোচনা এতিয়াও সম্ভৱপৰ হৈ উঠা নাই। এতিয়া এই সন্দৰ্ভত বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে আলফা স্বাধীনৰ এগৰাকী শীৰ্ষ কেডাৰ অৰুণোদয় দহোটীয়াৰ আত্মসমৰ্পণৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে শান্তি আলোচনা সন্দৰ্ভত মত প্ৰকাশ কৰে। তেওঁৰ স্পষ্ট মত, আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা অবিহনে সম্ভৱ নহয় শান্তি আলোচনা।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে যদিহে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ব্যক্তিগতভাৱে আলোচনাত যোগদান কৰিবলৈ সন্মত হয়, তেতিয়াহে সংগঠনটোৰ সৈতে শান্তি আলোচনা আগবাঢ়িব। পৰেশ বৰুৱাৰ সৈতে আলোচনা হ’লেহে প্ৰকৃতাৰ্থত এই আলোচনা ফলপ্ৰসূ হ’ব বুলি তেওঁ লগতে দোহাৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কয় যে পৰেশ বৰুৱাই চৰকাৰৰ আলোচনাৰ আহ্বানৰ প্ৰতি কেতিয়াও সঁহাৰি জনোৱা নাই। পৰেশ বৰুৱাই ইচ্ছা প্ৰকাশ নকৰিলে শান্তি আলোচনাৰ ক্ষেত্ৰত প্ৰকৃত অগ্ৰগতি হ’ব নোৱাৰে বুলিও তেওঁ দৃঢ়তাৰে কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যৰ পিছত আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ প্ৰসঙ্গ স্বাভাৱিকতেই অনিশ্চিত হৈ পৰিছে।

উল্লেখ্য যে দেওবাৰে ভাৰত-ম্যানমাৰ সীমান্তত পৰেশ বৰুৱাৰ অন্যতম ঘনিষ্ঠ সহায়ক হিচাপে চৰ্চিত হোৱা আলফা স্বাধীনৰ মেজৰ জেনেৰেল অৰুণোদয় দহোটীয়াই আত্মসমৰ্পণ কৰিছিল। অৰুণাচল প্ৰদেশৰ পাংছাউ পাছত অৰুণোদয় দহোটীয়াই ব্যক্তিগত দেহৰক্ষী ফ্ৰাঞ্চিছ অসমৰ সৈতে আত্মসমৰ্পণ কৰে।

বিগত কেইটামান বছৰত সদস্য ভৰ্তিকে ধৰি আন বহু কূটাঘাতমূলক কাৰ্য-কলাপত তেওঁ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। তেনে পৰিস্থিতিত অৰুণোদয় দহোটীয়াৰ আত্মসমৰ্পণ নিশ্চিতভাৱে পৰেশ বৰুৱাপন্থী আলফা স্বাধীনৰ বাবে এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে।