শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মৃত্যুদণ্ডৰে দণ্ডিত হাছিনাক বাংলাদেশৰ হাতত গতাব নেকি ভাৰতে! প্ৰত্যাৰ্পণৰ দাবীৰে পত্ৰ প্ৰেৰণ ইউনুছ চৰকাৰৰ

সম্প্ৰতি শ্বেখ হাছিনাই ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে। তেওঁৰ লগতে আছাদুজ্জামান খান কমলেও ভাৰতত আত্মগোপন কৰি থকা বুলি ধাৰণা কৰা হৈছে। ইফালে ন্যায়াধীকৰণৰ আদেশৰ পিছত এতিয়া অন্তৱৰ্তীকালীন চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ দাবীত ভাৰতলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে।

মৃত্যুদণ্ডৰে দণ্ডিত হাছিনাক বাংলাদেশৰ হাতত গতাব নেকি ভাৰতে! প্ৰত্যাৰ্পণৰ দাবীৰে পত্ৰ প্ৰেৰণ ইউনুছ চৰকাৰৰ
শ্বেখ হাছিনাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 24 Nov 2025 06:36 AM

মৃত্যুদণ্ডৰ কঠোৰ শাস্তিৰে দণ্ডিত হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। যোৱা ১৭ নৱেম্বৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে শ্বেখ হাছিনা আৰু তেতিয়াৰ গৃহমন্ত্ৰী আছাদুজ্জামান খান কমলক মৃত্যুদণ্ডৰ এই কঠোৰ শাস্তি প্ৰদান কৰিছিল। দুয়োগৰাকীৰ বিৰুদ্ধে অমানৱীয় অপৰাধৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে হাছিনা আৰু আছাদুজ্জামান খানৰ অনুপস্থিতিতে ৰায়দান দিয়ে।

সম্প্ৰতি শ্বেখ হাছিনাই ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে। তেওঁৰ লগতে আছাদুজ্জামান খান কমলেও ভাৰতত আত্মগোপন কৰি থকা বুলি ধাৰণা কৰা হৈছে। ইফালে ন্যায়াধীকৰণৰ আদেশৰ পিছত এতিয়া অন্তৱৰ্তীকালীন চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ দাবীত ভাৰতলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে।

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হোছেইনে জানিবলৈ দিয়া মতে দুদিন পূৰ্বে ভাৰতলৈ এই পত্ৰ প্ৰেৰণ কৰা হৈছিল। অৱশ্যে তেওঁ এই সন্দৰ্ভত অধিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকে। চৰকাৰী সংবাদ সংস্থা বি এছ এছৰ তথ্য অনুসৰি নতুন দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্তৰ জৰিয়তে ভাৰতলৈ এই পত্ৰ প্ৰেৰণ কৰা হৈছে।

এমাহত ১৪০০ জনৰ মৃত্যুঃ ৰাষ্ট্ৰসংঘ

উল্লেখ্য যে ব্যাপক গণ বিদ্ৰোহৰ পিছত বিগত বৰ্ষৰ ৫ আগষ্টত শ্বেখ হাছিনাৰ আৱামি লীগ চৰকাৰক ক্ষমতাচ্যুৎ কৰা হৈছিল। ইয়াৰ পাছত শ্বেখ হাছিনাই বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় ল’বলৈ বাধ্য হয়। এই বিদ্ৰোহৰ সময়ছোৱাত বাংলাদেশত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰতিবাদে ব্যাপক ৰূপ লোৱাৰ সময়তে বাংলাদেশৰ তদানীন্তন শ্বেখ হাছিনা চৰকাৰে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ৰ এক প্ৰতিবেদন অনুসৰি আন্দোলনৰ সময়ত ১৫ জুলাইৰ পৰা ১৫ আগষ্টৰ ভিতৰত প্ৰায় ১৪০০ লোকৰ মৃত্যু হৈছিল।

চৰকাৰৰ পতনৰ তিনিদিন পিছত পেৰিছৰ পৰা ঢাকাত উপস্থিত হয় শান্তিৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ। প্ৰতিবাদকাৰী যুৱচামৰ অনুৰোধত তেওঁ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰ পদ গ্ৰহণ কৰে। আনহাতে, অন্তৱৰ্তীকালীন চৰকাৰে যোৱা বছৰৰ ডিচেম্বৰ মাহত ভাৰতলৈ এখন কূটনৈতিক পত্ৰ প্ৰেৰণ কৰি হাছিনাক প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ জনাইছিল।

হাছিনাৰ শাস্তিৰ সিদ্ধান্ত সন্দৰ্ভত কি ক’লে ভাৰতে?

আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে হাছিনাৰ শাস্তি সন্দৰ্ভত লোৱা সিদ্ধান্তৰ প্ৰতি ইতিমধ্যে সঁহাৰি জনাইছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। চুবুৰীয়া দেশ হিচাপে ভাৰত বাংলাদেশত শান্তি, গণতন্ত্ৰ, স্থিতিশীলতাৰ স্বাৰ্থত কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু সকলো পক্ষৰ সৈতে গঠনমূলক আলোচনা অব্যাহত ৰাখিব বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছিল।

হাছিনাৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত বাংলাদেশৰ ফালৰ পৰা কূটনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে যদিও ভাৰতৰ ফালৰ পৰা এতিয়ালৈকে এই বিষয়ত কোনো সিদ্ধান্ত ঘোষণা কৰা হোৱা নাই। এতিয়া হাছিনাৰ শাস্তিৰ সিদ্ধান্ত আৰু তাৰ পিছত বাংলাদেশৰ এই পত্ৰৰ প্ৰতি ভাৰতে কিদৰে সঁহাৰি জনায়, সেয়া লক্ষণীয় হ’ব।